মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্বদলীয় বৈঠক

গুৱাহাটীঃক’ভিড-১৯ ৰ বিধ্বংসী দ্বিতীয়টো ঢৌত বিধ্ৱস্ত হৈছে সমগ্ৰ দেশৰ লগত অসম। কিদৰে এই সংক্ৰমণ নিয়ন্ত্ৰণলৈ আনিব পৰা যাব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে চৰকাৰ প্ৰশাসন।

এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আহ্বান কৰে এখন সৰ্বদলীয় বৈঠক ।

এই সৰ্বদলীয় বৈঠকত শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, ইউ পি পি এল, অগপ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, চি পি এম আদি প্ৰায় সকলো ৰাজনৈতিক দলৰে শীৰ্ষ নেতৃবৃন্দ উপস্থিত থাকে ।

ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপৰিও মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত সমন্বিতে কেইবাটাও বিভাগৰ শীৰ্ষ আমোলাসকলো উপস্থিত থাকে বৈঠকত।

বিশ্বৰ সকলো দেশক চেৰ পেলাই ভাৰতত এদিনতে সৰ্বাধিক সংখ্যক লোক ক’ৰ’না আক্ৰান্ত হৈছে ।

বিগত ২৪ ঘণ্টাত ভাৰতত ৩.১৪ লাখ লোক মৰাত্মক ভাইৰাছ বিধৰ দ্বাৰা সংক্ৰমিত হৈছে।

সেয়ে লকডাউন ঘোষণা কৰিব লগীয়া পৰিস্থিতি সৃষ্টি নকৰিবলৈ সৰ্বদলীয় বৈঠকৰ অন্তত ৰাইজলৈ আহ্বান জনাইছে মুখ্য মন্ত্রী সৰ্বানন্দ সোনোৱালে।

স্বাস্থ্যবিভাগে জাৰি কৰা কোভিড ১৯ৰ গাইডলাইল পালন কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ।

বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়, ডিব্ৰুগড় বিমান বন্দৰত ধৰা পৰিছে কোৰোণাৰ ডবল মিউটেন্ট।

যি অতি ভয়ংকৰ। গতিকে ৰাইজক অধিক সজাগ হবলৈ হ’ল ।

শৰ্মাই লগতে কয় যে, ল’ক ডাউন দিয়াৰ কথা এতিয়াই অহা নাই ৷ কিন্তু ৰাইজে ল’কডাউন দিয়াৰ পৰিৱেশ গঢ়ি তুলিব নালাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply