গোসাইগাওঁঃ কভিডৰ দ্বিতীয় ঢৌত দেশত অব্যাহত আছে তাণ্ডৱলীলা। সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিদিনে উদ্বেগজনক ভাবে বৃদ্ধি পাই আছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা ৷
কভিডৰ সংহাৰী ৰূপ দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত দেশৰ ৰাজধানী দিল্লী, বাণিজ্যিক নগৰী মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু গুজৰাটত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
কৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে কেতবোৰ নতুন নতুন সিদ্ধান্ত লৈছে ৷
বহিঃ ৰাজ্যৰ পৰা অহা সকলো যাত্ৰীকে কৰা হ’ব কভিডৰ পৰীক্ষা।
ৰাজ্য চৰকাৰে আজিৰে পৰা শ্ৰীৰামপুৰ আন্ত: ৰাজ্যিক তালাচী চকীত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷
আজিৰ পৰা বহিঃ ৰাজ্যৰ পৰা অহা সকলো যাত্ৰীৰ ক’ভিড পৰীক্ষা কৰিহে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব ৷
পৰীক্ষাত যি সকলৰ দেহত কভিডৰ সংক্ৰমণ ধৰা পৰিব তেওঁলোকক কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হ’ব ৷