নিউজ ডেস্কঃ কাইলৈ হ’বলগীয়া ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যৰ সকলো নগৰ এলেকা বন্ধ ঘোষণা কৰিছে। এই বন্ধ চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, বেংক আদি সকলো প্ৰতিষ্ঠান সকলো ক্ষেত্ৰতে প্ৰযোজ্য হ’ব।

কাইলৈ ৰাজ্যৰ ৮০ খন পৌৰসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ।

মুঠ ৯৯৭টা ৱাৰ্ডৰ বাবে হ’ব এই নিৰ্বাচন। ২৯ খন পৌৰসভাৰ সমুখ সমৰত থাকিব বিজেপি-অগপ-কংগ্ৰেছ।

এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে মুঠ ২৫৩২ গৰাকী প্ৰাৰ্থী। ভোটগ্ৰহণৰ বাবে পোলিং-প্ৰিজাইডিং বিষয়া সকল আজি ভোটগ্ৰহণ কেন্দ্ৰ সমূহত উপস্থিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,594 other subscribers

Leave a comment

Leave a Reply Cancel reply