শিৱসাগৰ: বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ পৰা অব্যাহতি দিয়া সভাপতি চিতু বৰুৱাই কালি সংবাদমেল পাতি ৰন্টু পানী ফুকন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছত আজি তাৰ প্ৰত্যুত্বৰ দিলে শৃংখল চলিহাই ।

অভিযোগ প্ৰতি অভিযোগৰ মাজত বীৰ লাচিত সেনাৰ ভিতৰচ’ৰাত চিতু বৰুৱাক সাংগঠনৰ পৰা এমাহৰ অব্যাহতি দিয়া সন্দৰ্ভত সংবাদমেল পাতি মুখ খুলিছে শৃংখল চলিহাই ।

সংবাদ মেলৰ যোগে স্পষ্টীকৰণ দি বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাই কয় , তেওৰ বিৰুদ্ধে তোলা অভিযোগ প্ৰমান কৰিব পাৰিলে তেও শিৱদৌলৰ সন্মুখত কানত ধৰি আঠু ল’ব ।

শনিবাৰে সংবাদমেল সম্বোধন কৰি শৃংখল চলিহাই কয় যে, ‘চিতু বৰুৱাই উত্থাপন কৰা অভিযোগ ভিত্তিহীন। ডাম্পাৰ বাদেই , ৰিক্সা কেলেংকাৰীয়ো নাই মোৰ নামত। ডেৰকোটি টকাৰ এটাকাও যদি খোৱাৰ প্ৰমাণ দিব পাৰে দৌলৰ সন্মুখত আঁঠু কাঢ়িম।’ আনকি ২০১৮ চনত সংগঠনৰ কেন্দ্ৰীয় সমিতিতেই তেওঁ নাছিল বুলি দাবী কৰে শৃংখল চলিহাই।

বীৰ লাচিত সেনাৰ প্ৰাক্তন শিৱসাগৰ জিলাৰ সভাপতি চিতু বৰুৱাই ফ’ৰলাইনত ডাম্পাৰ দিয়াৰ নামত নিৱনুৱা যুৱকৰ পৰা ডেৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ কৰিছিল ।

উল্লেখ্য যে, ২০১৮ চনত ফ’ৰলেনত ব্যৱহাৰৰ বাবে ডাম্পাৰ প্ৰদানৰ নামত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাক প্ৰতাৰণা কৰি বিহাৰৰ তৌফিক আলম নামৰ এজন ব্যক্তিৰ সহযোগত সংগঠনটোৰ কেন্দ্ৰীয় সচিব ৰণ্টুপাণি ফুকনে প্ৰায় ডেৰকোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছিল চিতু বৰুৱাই।

শৃংখল চলিহাৰ সংবাদ মেল

চিতু বৰুৱাই অভিযোগ কৰিছিল যে, নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ৰণ্টুপাণি ফুকন আৰু শৃংখল চলিহা বিজেপি-আৰ এছ এছৰ শৰণাপন্ন হৈছে। যাৰ কাৰণে গো সুৰক্ষা আইনৰ বিৰোধিতা কৰি সংগঠনৰ ৰোষত পৰিব লগা হৈছে চিতু বৰুৱা।

যোৱা ১০ বছৰৰ পৰা এই অভিযোগ পাই থকাৰ পিছতো কিয় চিতু বৰুৱাই আইনৰ সহায় নললে বুলি প্ৰশ্ন তোলে শৃংখল চলিহাই । দলৰ পৰা অব্যাহতি দিয়াৰ পিছতহে কিয় সাৰ পালে বুলি সংবাদমেলত চিতু বৰুৱাক উদ্দেশ্যী প্ৰশ্ন কৰে চলিহাই।

কালিৰ দিনটোতে চিতু বৰুৱাৰ লগতে বীৰ লাচিত সেনাৰ জয়সাগৰ আঞ্চলিক সমিতি, কোঁৱৰপুৰ আঞ্চলিক সমিতি, পানবেছা , নামতি আঞ্চলিক সমিতিকে ধৰি কেইবাখনো সমিতিৰ দুই শতাধিক সদস্যই সংগঠনটোৰ পৰা পদত্যাগ কৰা বুলি চিতু বৰুৱাই সংবাদমেলত উল্লেখ কৰিছিল আটাইকেইখন কমিটি এতিয়াও বীৰ লাচিত সেনাৰ সৈতে আছে বুলি উল্লেখ কৰে শৃংখল চলিহাই।

লগতে পঢ়ক পাচলি বেপাৰত ব্যস্ত এজন IAS বিষয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply