তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী থানাৰ বিষয়া নিলাভজ্যোতি নাথে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে নিশা ১১:৩০ বজাত এন কে আঙাৰকাটাৰ বৈগ্ৰৰীগুৰী গাঁৱৰ নিবাসী কমল বসুমতাৰী ঘৰত কুমাৰীকাটা আৰক্ষী চকীৰ বিষয়া নিলাভজ্যোতি নাথ উপস্থিত হৈ এ এছ-০১-ভি-৯১৫৬ নম্বৰৰ অল্টো গাড়ীৰ সো-ফালৰ গ্লাছ ভাঙে আৰু এ এছ-২৮-বি-১১০৪ নম্বৰৰ বাইকসহ দুয়োখন বাহন কুমাৰীকাটা আৰক্ষী চকীত লৈ আহে।

আনহাতে আৰক্ষী বিষয়া জনে কমল বসুমতাৰী ৬০ বছৰীয়া পিতৃ জলসিং বসুমতাৰীক বন্দুকৰে আক্ৰমণ কৰে আৰু কমল বসুমতাৰীৰ ভাগিনেক প্ৰিয়ম বড়ো ক লাঠিৰে ভৰিত কোবাই বুলি অভিযোগ কৰে কমল বসুমতাৰীৰ পৰিয়ালে। উল্লেখ্য যে কমল বসুমতাৰীৰ নাম যোৱা ২৪ মে’ তাৰিখে সংঘটিত হোৱা ডাইনী হত্যাৰকাণ্ডৰ সৈতে জড়িত হৈ পৰিছিল।

লগতে পঢ়ক : ঐতিহাসিক দীঘলীপুখুৰীৰ বুকুত ওপঙি উঠিছে শ শ মৃত মাছ

ডাইনী হত্যাকাণ্ডত নাম সাঙোৰ খাই পৰা কমল বসুমতাৰী নিশাই পলায়ন কৰিবলৈ সক্ষম হয় যদিও নিশা কমল বাসুমতাৰীক নাপাই পৰিয়ালৰ লোকক আৰক্ষী বিষয়া গৰাকীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া জনৰ সৈতে যোগাযোগ কৰোঁতে তেওঁ কোনো ধৰণৰ ভাষ্য দিয়াৰ পৰা বিৰত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply