ৰূপহীহাট : এগৰাকী সংখ্যালঘূ নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন কেলেংকাৰীৰ অভিযোগ। নিজৰ ভতিজা বোৱাৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ এগৰাকী সংখ্যালঘূ নেতাৰ বিৰুদ্ধে। ইতিমধ্যে সংখ্যালঘূ নেতা গৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। এইজন নেতাৰ বিৰুদ্ধে আছে সীমাহীন কুকাৰ্য সংঘটিত কৰাৰো অভিযোগ। নেতা গৰাকীৰ বিৰুদ্ধে কেৰেলাতো আছে হত্যাৰ গোচৰ।
নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ অতি ঘনিষ্ঠ এগৰাকী সংখ্যালঘূ নেতাৰ বিৰুদ্ধে এইবাৰ পোহৰলৈ আহিছে যৌন কেলেংকাৰীৰ ভয়ংকৰ অভিযোগ। আবু বক্কৰ ছিদ্দিক নামৰ অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক গৰাকীৰ বিৰুদ্ধে আছে সীমাহীন কুকৰ্মত জড়িত থকাৰ অভিযোগ। আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে সভ্য সমাজৰ দৃষ্টিত অতিকৈ লজ্জাজনক ঘটনাই সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
সংখ্যালঘূ নেতা গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন কেলেংকাৰীৰ অভিযোগ। এই গৰাকী নামধাৰী সংখ্যালঘূ নেতা গৰাকীৰ পৰা ৰেহাই নাপালে খোদ নিজৰ ভতিজা বোৱাৰী। নিজৰ ভতিজা বোৱাৰীয়েক হোত্সআপৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে। হোত্সআপৰ জৰিয়তে আবু বক্কৰ ছিদ্দিকে মহিলা গৰাকীক কেতবোৰ অশ্লীল ভিডিঅ’ আৰু ফটো প্ৰেৰণৰ কৰাৰ লগতে মেগেছযোগে অশ্লীল প্ৰস্তাৱ প্ৰেৰণ কৰে।
নিজৰ আত্মীয়ক এনেদৰে অশ্লীল প্ৰস্তাৱ দিয়া এইজন সংখ্যালঘূ নেতা আবু বক্কৰ ছিদ্দিকে বিভিন্ন সময়ত বেলেগত ন্যায় দিয়াৰ দাবীত টেঁটু ফালি জিন্দাবাদ-মূর্দাবাদৰ শ্ল’গান দিয়া দেখিবলৈ পোৱা যায়। এতিয়া এইজন আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে ন্যায় বিচাৰি আৰক্ষী থানাৰ কাষ চাপিছে ভুক্তভোগী মহিলা গৰাকী। আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে মহিলা গৰাকীয়ে ইতিমধ্যে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
এয়াই শেষ নহয় আবু বক্কৰ ছিদ্দিকৰ কেলেংকাৰীৰ ডায়েৰী। গৰু চিণ্ডিগেটৰ পৰা আৰম্ভ কৰি লাঞ্চিত, বঞ্চিত লোকক ন্যায় প্ৰদানৰ নামতো দালালি কৰাৰ অভিযোগত অভিযুক্ত এইজন সংখ্যালঘূ নেতা আবু বক্কৰ ছিদ্দিক। বেংকৰ চি এছ পি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ আছে এইজন আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে। পূৰ্বে কাম বিচাৰি কেৰেলালৈ যোৱা আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে আছে হত্যাকাণ্ডৰ গোচৰ। আবু বক্কৰ ছিদ্দিকক বিচাৰি জুৰীয়া পাইছিল কেৰেলা আৰক্ষীৰ এটা দল।
জালিয়াতিৰ অভিযোগত পূৰ্বে কেইবাবাৰো জেলৰ ভাত খাইছিল সংখ্যালঘূ নেতা আবু বক্কৰ ছিদ্দিক। বিভিন্নজনক প্ৰৱঞ্চনা কৰি অহা আবু বক্কৰ ছিদ্দিক ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই বিধায়কগৰাকীৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়ক : জামুগুৰিহাটত গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হৈছে শিৱ শক্তি আত্ম সহায়ক গোটৰ যুৱকসকল
নিজৰ কু কীৰ্তিৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈয়ে এটা সংগঠনৰ নেতা বুলি নিজকে জাহিৰ কৰি ফুৰা এইজন আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। সীমাহীন কেলেংকাৰীত নাম সাঙোৰ খাই পৰা আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হে হ’ব লক্ষণীয়?