মৰাণ: যি সময়ত ৰাজ্য চৰকাৰে শূন্য দুৰ্নীতিৰ কথা কৈ জেহাদ ঘোষণা কৰিছে তেনে সময়তে ৰাজহ মন্ত্ৰী যোগেন মহনৰ নিজা সমষ্টিতে পঞ্চায়ত ৱাৰ্ড সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত ওলাই আহিল ৰাইজ।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ জংঘল ব্লকৰ অন্তৰ্গত বৰডবা গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ সদস্য ৰশ্মি ৰেখা চুতীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ। ৱাৰ্ড সদস্য ৰশ্মি ৰেখা চুতীয়াই জবকাৰ্ড টকা কাম নকৰাকৈ কিছু লোকক বুজা বুজি মাধ্যমেৰে প্ৰদান কৰাৰ অভিযোগ তোলে পঞ্চায়তটোৰ ৰাইজ।
যি সকলে কাম কৰিছে তেওঁলোককো প্ৰাপ্য মজুৰি নিদিয়াৰ গুৰুত্বৰ অভিযোগ আনিছে হাজোৱাবাসী ৰাইজে। লগতে ৱাৰ্ডটোৰ উন্নয়নমুলক আচনিৰ ক্ষেত্ৰতো দুৰ্নীতিৰ অভিযোগ তুলি ১০ নং ৱাৰ্ডৰ সদস্য ৰশ্মি ৰেখা চুতীয়াৰ বিৰুদ্ধে উচিত তদন্তৰ বিচৰাৰ লগতে অপসাৰণ কৰাৰ দাবীত আজি ওলাই আহিল ৰাইজ।
এতিয়া প্ৰশ্ন হয় শূন্য দূৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ নিজা সমষ্টিত এই দুৰ্নীতিৰ সন্দৰ্ভত কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব সেইয়া লক্ষ্যণীয় হব।