সােণাপুৰ – সােণাপুৰত বন বিভাগৰ ব্যাপক লুণ্ঠণৰ অভিযোগ আছুৰ। অনুমতিবিহীনভাৱে সােণাপুৰৰ অর্ধশতাধিক স্থানত পাহাৰ খননৰ তদন্তৰ দাবী জনাইছে আছুৱে। অবৈধ পাহাৰ খননৰ লগত বন বিভাগ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে অন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই।
ৰাজ্যৰ সৰ্বানন্দ সােণােৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰদূষণমুক্ত অসমৰ স্বপ্নক বৃদ্ধাংগুষ্ঠ প্রদর্শণ কৰি ডিমৰীয়া অঞ্চলত বন বিভাগৰ নেতৃত্বত ব্যাপক বন ধ্বংস অভিযান চলি থকাৰ অভিযোগ উত্থাপন কৰিছে অন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই। সােণাপুৰ বনাঞ্চলিক বিষয়া দিলীপ কুমাৰ দাসৰ নেতৃত্বত সমগ্র ডিমৰীয়াত বিগত তিনিমাহত অর্ধশতাধিক স্থানত অবৈধ পাহাৰ খনন হােৱা পৰিলক্ষিত হৈছে বুলি অভিযোগ কৰি অন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই।
পাহাৰ খনন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বন বিভাগৰ সৈতে গােপন বুজাবুজি কৰি সেই মাটি অবৈধভাৱে কৃষিভূমিত পেলাই খেতিপথাৰ সমূহ বিনষ্ট কৰা পৰিলক্ষিত হোৱা বুলি অভিযোগ কৰে অন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভানেত্ৰী বৰষা মেধিয়ে কয় এনে প্রক্রিয়া সংঘটিত হােৱাৰ ফলত ব্যাপক হাৰত চৰকাৰ তথা বন বিভাগে ৰাজহ লাভৰ পৰা বঞ্চিত হৈছে।
উল্লেখ্য যে ডিমৰীয়া অঞ্চলৰ কমাৰকুছি, মেধিকুছি, নাজিৰাখাট, যােগদল, মিলনপুৰ, কমলাজাৰী, মগদ’লা, চামতা, ডিগাৰু, দিকচাক, তেতেলীয়া, ক্ষেত্রী, হেলাগােগ, উলনি, তােপাটলি আদি অর্ধশতাধিক স্থানত বিগত তিনিটা মাহ ধৰি নিশাৰ ভাগত অবৈধ পাহাৰ খনন চলি আছে। আনহাতে এই অঞ্চলসমূহত অবৈধ পাহাৰ খনন কৰি তাৰ পৰা ৰঙা মাটি সমূহ ইতিমধ্যে শতাধিক স্থানত খেতিপথাৰত পেলাই কৃষিভূমিৰ ধংসৰ অভিযানত বন বিভাগে হাত উজান দিছে বুলিও কয় বৰষা মেধিয়ে।
যােৰাবাটৰ পৰা জাগিৰােডলৈ সমগ্ৰ ঘাইপথছােৱাৰ দুয়ােদিশে চকু ফুৰালেই পাহাৰ খননৰ স্পষ্ট নিদর্শন পােৱা যায়। ২০১৭ চনৰ ডিচেম্বৰ মাহতে সােণাপুৰত যােগদান কৰা দিশপুৰৰ সমষ্টিৰ এজন যুৱ বিজেপি নেতাৰ ঘনিষ্ঠ বুলি নিজেক দাবীক ভূপেন বর্মন নামৰ বন বিষয়াগৰাকীয়ে বনাঞ্চলিক বিষয়াগৰাকীৰ হৈ এনে সকলাে অবৈধ কাম কাজ কৰিবলৈ যাবতীয় ইংগিত প্রদান কৰি অহাৰ দীর্ঘদিন ধৰি অভিযােগ উত্থাপিত হৈ আহিছে।
পূর্বে এনে অভিযােগৰ বাবে বিষয়া গৰাকীৰ বদলিৰ নিদের্শনা অহাৰ পিছৰ ৰহস্যজনক কাৰণত বদলিকৰণ স্থগিত ৰখাৰাে অভিযােগ উত্থাপিত হৈছে। সমগ্র ঘটনা সন্দৰ্ভত পূব কামৰূপ বন সংমণ্ডলৰ সংমণ্ডলিক বন বিষয়া গৰাকীক ইতিমধ্যে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অৱগত কৰা হৈছে আৰু বন বিভাগৰ শীর্ষ বিষয়াসকলােকো এই সন্দৰ্ভত অৱগত কৰা হৈছে।
সমগ্র বিষয় সন্দৰ্ভত অতিশীঘ্ৰে উচ্চ পর্যায়ৰ চৰজমিন তদন্ত কৰি চৰকাৰী ৰাজহ পুনৰুউদ্ধাৰ কৰাৰ লগতে ঘটনা সৈতে জড়িত বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছে আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই। আনহাতে, সােণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বেএলেকাত দীর্ঘদিন ধৰি চলি থকা শিল আৰু কাঠৰ চিণ্ডিকেটৰ লগতে বন বিভাগে অবৈধভাৱে চেকগেট স্থাপন কৰি ব্যাপক ৰূপত চলােৱা ধন সংগ্রহ অভিযানৰ সবিশেষ অতি শীঘ্ৰে ফাদিল কৰা হ’ব বুলিও জানিবলৈ দিয়ে ছাত্ৰ সন্থাই।