গুৱাহাটী : বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত মাজগাঁও নিবাসী জ্ববৰ আলী নামৰ এজন যুৱকে গুৱাহাটীৰ আজাৰাত বছৰ বছৰ ধৰি বাহৰ পাতি অসমৰ বহু ছাত্র-ছাত্ৰীৰ পৰা ঠগ প্ৰৱঞ্ছনাৰে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ধন আত্মসাত কৰি যুৱকজন আত্মগোপন কৰি থকা বুলিও একাংশই অভিযোগ কৰিছে।
উল্লেখযোগ্য যে বৰপেটাৰ মাজগাঁও নিবাসী আৰফান আলীৰ পুত্ৰ জ্ববৰ আলিয়ে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীক নাৰ্ছ, লেবৰটৰী টেকনিছিয়ান আদিকে ধৰি বিভিন্ন পদৰ নামভৰ্ত্তি, শিক্ষা প্ৰদান আৰু পৰীক্ষাৰ বাবে শ শ ছাত্র-ছাত্ৰীৰ পৰা লাখ লাখ টকা মাচুল হিচাপেলৈ মুঠ ৪ কোটিতকৈ অধিক টকা লুণ্ঠন কৰাৰ অভিযোগ। এই সন্দৰ্ভত কৰ্ণাটকৰ ৰাজ পোটানা কলেজ অব ফাৰ্মাচী আৰু এ জে এদুকেচন ট্ৰাষ্টএ জনাই যে বিগত ২০২০ বৰ্ষৰ পৰা জ্ববৰ আলী নামৰ যুৱকজনে এই প্ৰতিষ্ঠানৰ নামত অসমৰ বহু ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ আৰু জীৱনৰ লগত হেতালি খেলি আহিছে।
লগতে পঢ়ক – অম্বুবাচীৰ সময়ত কেনেধৰণৰ নীতি-নিয়ম মানি চলা উচিত
এই প্ৰতিষ্ঠানৰ তৰফৰ পৰা অসমবাসীক এই বিষয়ত সাৱধানতা অৱলম্বন কৰি এনে প্ৰৱঞ্ছকৰ পৰা যাতে আঁতৰি থাকি নিজ নিজ সন্তানক সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়। চল বল কৌশলেৰে জ্বব আলীয়ে এই প্ৰতিষ্ঠানৰ নাম অপব্যৱহাৰ কৰি অসমৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ ধ্বংস কৰা কাৰ্যটো এক চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে।