গুৱাহাটী : অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ তুলি আৰক্ষীক অভিযোগ দিয়াৰ পিছতেই বৰ্তমান সময়ত বিষয়টোৱে বিশেষভাবে চৰ্চা লাভ কৰিছে। অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ দিয়া বৌয়েক নিমিশাৰাণী বৰুৱাই জনোৱা মতে শ্যামন্তিকাৰ ককায়েক ঋষীকেশপ্ৰাণ ভৰদ্বাজে দীৰ্ঘদিনে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছে। তেওঁৰ লগতে মাকৰ ওপৰতো টকা-পইচা আৰু বিভিন্ন বস্তু বিচাৰি শাৰিৰীক মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ কৰে শ্যামন্তীকা শৰ্মাৰ বৌয়েক নিমিশাৰাণী বৰুৱাই।

যোৱা ফ্ৰেব্ৰুৱাৰী মাহৰ পৰাই স্বামী তেওঁলোকৰ সৈতে নাই। তাৰ মাজতো মানসিক অত্যাচাৰ চলাই আছে বুলিও কয় বৌয়েক নিমিশাৰাণী বৰুৱাই। এই সময়ছোৱাত শ্যামন্তীকা শৰ্মাইও সহযোগ কৰাৰ অভিযোগ। সেইবাবেই তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰি ন্যায় বিচাৰিছে বুলি কয় বৌয়েক নিমিশাৰাণী বৰুৱাই। ইয়াৰ বিপৰীতে ঘটনা মনে সজা আখ্যা দি অভিযোগ খণ্ডন কৰে শ্যামন্তীকা শৰ্মাই। এই ঘটনাত অকল শ্যামন্তিকাই নহয়, তেওঁৰ পৰিয়ালৰ মাক আৰু ডাঙৰ ককায়েকৰ ওপৰত ৰুজু কৰা হৈছে গোচৰ।

অৱশ্যে গোচৰৰ বিষয়ে শুনি হতভম্ব হৈ পৰে শ্যামন্তিকাকে ধৰি তেওঁৰ পৰিয়ালৰ অভিযুক্ত সদস্যসকল। শ্যামন্তিকাই এই সম্পৰ্কে কয়, যিগৰাকী সৰু বৌৱেকে তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰিছে, তেওঁ থাকে নিজৰ মাকৰ ঘৰত। বিবাহৰ এসপ্তাহ পিছতে শহুৰেকৰ ঘৰ এৰি মাকৰ ঘৰত স্বামীসহ বাস কৰে শ্যামন্তিকাৰ সৰু বৌৱেকে। তেনেস্থলত তেওঁৰ ওপৰত অত্যাচাৰৰ কথাটো ক’ৰ পৰা আহিল তাকে লৈ বিচূৰ্তি খাইছে তেওঁ।” অভিনেত্ৰী শ্যামন্তিকাই আৰু কয় যে সৰু ককায়েক আৰু বৌৱেকৰ মাজত কাজিয়া হোৱাৰ বিষয়ে তেওঁলোক অৱগত যদিও এই বিষয়ত তেওঁ তথা তেওঁৰ পৰিয়ালটোৰ আন সদস্য সোমোৱা নাই, কিয়নো এয়া স্বামী–স্ত্ৰীৰ মাজৰ সংঘাত।

লগতে পঢ়ক : ছয়গাঁৱৰ গৰৈমাৰী কানহাৰাত দুই তামোল চোৰ আটক 

আনহাতে ঘটনা সন্দৰ্ভত সৰু ককায়েকৰ পৰিয়ালে নিজেও এই বিষয়ে পৰিয়ালটোক একো জনোৱা নাই। এতিয়া দুয়োপক্ষৰ অভিযোগ-প্ৰতিঅভিযোগ লৈ আৰক্ষীয়ে ঘটনাতো তদন্ত কেনেদৰে আগবঢ়াই নিয়ে তাৰ পিছতহে ওলাব প্ৰকৃত তথ্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply