গুৱাহাটী : অসম আৰক্ষীয়ে বুধবাৰে এক অভিযান চলাই গোৱালপাৰা জিলাত বাংলাদেশৰ নিষিদ্ধ ঘোষিত জেহাদী সংগঠন Ansarullah Bangla Team (ABT)-ৰ এজন সদস্যক আশ্ৰয় প্ৰদান কৰাৰ অভিযোহত আব্বাছ আলী (২২) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে কয়, ”যোগীঘোপা (বঙাইগাঁও জিলাৰ অধীনত) আৰক্ষী থানাত পঞ্জীয়ণভূক্ত ৫৬/২২ নম্বৰৰ গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়ত আমি বাংলাদেশৰ পৰা পলায়ন কৰি অহা ABTৰ এজন ঘনিষ্ট সদস্য মেহবাববুৰ ৰহমানক আশ্ৰয় প্ৰদান কৰা আলীৰ বিষয়ে জানিব পাৰো। অসমত লুকাই থকা এইজন ৰহমানে যেতিয়াই গোৱালপাৰালৈ গৈছিল গোৱালপাৰা পাখিউৰা গাঁৱৰ আলীয়ে তেওঁক থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে যোগাযোগৰ বাবে SIM যোগাৰ কৰি দিছিল।”
ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমান আৰক্ষীয়ে আলীক জেৰাই কৰি আছে বুলি জানিবলৈ দি সোণোৱালে লগতে কয় যে যদিহে তেওঁৰ মুখত জেহাদী সংগঠন Ansarullah Bangla Team-ৰ সৈতে জড়িত আৰু কোনো সদস্যৰ নাম আহে তেন্তে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব।
ৰহমানে গোৱালপাৰা জিলাৰ একাংশ যুৱকক জেহাদী সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে তেওঁলোকক সংগঠনটোৰ শ্লিপাৰ চেল হিচাপে গঢ়ি তুলিবলৈ মনস্তাত্বিক, শাৰীৰিক ব্যায়ামৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ধৰ্মৰ বিভিন্ন কথা শিকোৱাৰ লগতে কেতবোক ধৰ্মীয় পাঠ পঢ়িবলৈ দিছিল বুলি সোণোৱালে জানিবলৈ দিয়ে ৷
উল্লেখযোগ্য যে অসম আৰক্ষীয়ে এইপৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা জেহাদী সংগঠন Ansarullah Bangla Team-ৰ সৈতে জড়িত কমেও ১৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)-য়ো অসমত ABT-ৰ জেহাদী কাৰ্যকলাপৰ গতিবিধিৰ ওপৰত নজৰ ৰাখি আছে।
লগতে পঢ়ক – ক’ত যাব হলৌ বান্দৰৰ পৰিয়াল ১৩ টা