প্ৰবীণ বৰুৱা, মঙলদৈ: যোৱা ৩০ জুনৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰা অনিৰ্দিষ্ট দিনলৈ বন্ধ কৰি দিয়া হৈছে। বিশেষকৈ শুকুৰবাৰে হোৱা ডাৱৰ বিস্ফোৰণত বিশ জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ পিছতেই বন্ধ কৰি দিয়া হৈছে এই যাত্ৰা। বছৰৰ ১২ মাহেই বৰফেৰে আৱৰি থকা উক্ত অঞ্চলত প্ৰচণ্ড শীত থাকে যদিও এই বেলি ৪ জুলাইলৈ অভাৱনীয় গৰম পৰিছিল উক্ত অঞ্চলত। পূৰ্বৰ দৰে নাছিল ডাঠ বৰফ বা গ্লেচিয়াৰ।

যোৱা চাৰি জুলাইৰ নিশাৰ পৰা হোৱা বৰষুণৰ পিছত ৫ জুলাইত সাময়িক ভাৱে বন্ধ কৰি দিছিল অমৰনাথ যাত্ৰা। অমৰনাথ গুহালৈ যোৱা বালতল আৰু পেহেলগাম দুইটা পথেই দুৰ্গম হোৱাৰ বাবে অমৰনাথ চাইন বৰ্ডে বন্ধ কৰি দিছিল এই যাত্ৰা। ৬ জুলাইত এই যাত্ৰা পুনৰ আৰম্ভ হোৱাৰ পাছতেই সংঘটিত হয় এই ঘটনা।

অমৰনাথ গুহাৰ সন্মুখত প্ৰায় ২০০ মিটাৰ দূৰত্বত তীৰ্থযাত্ৰী সকলৰ বাবে অস্থায়ী ভাৱে নিৰ্মান কৰা হয় তম্বু বা টেণ্ট সমূহ। যি সকল যাত্ৰী নিশা হোৱাৰ পূৰ্বে বালতল বা পেহেলগামলৈ উভতি আহিব নোৱাৰে সেই সকল লোকৰ সুবিধাৰ বাবে স্থাপন কৰা হয় তম্বু বা টেণ্ট সমূহ। দুখন সুউচ্চ পৰ্বতমালাৰ সোঁমাজত বৰফেৰে ঢকা স্থানত নিৰ্মাণ কৰা হয় এই টেণ্ট সমূহ।

ওপৰত পলিথিনৰ চালি আৰু তলত থাৰ্ম’কল পাৰি তাৰ ওপৰত টুলি লেপ দিয়েই স্থানীয় লোক সকলে সম্পূৰ্ণ অস্থায়ী ভাৱে নিৰ্মান কৰে এই টেণ্ট সমূহ। এটা টেণ্টত ৫ পৰা ৮ জন লোক নিশা কটাব পাৰে। ৮ জুলাইৰ বিয়লি কোনেও নভবাকৈ সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনাৰ পিছতেই উক্ত নদীৰে নামি আহে পানীৰ ঢল। প্ৰৱল সোতত নিমিষতে উটি যায় ৫০তকৈ অধিক টেণ্টৰ লগতে শতাধিক তীৰ্থ যাত্ৰী।

এই মহা প্ৰলয়ত ২০ জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি স্থানীয় প্ৰশাসনে ঘোষণা কৰিছে। আনহাতে, ৪০ জনতকৈও অধিক লোক সন্ধানহীন বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতেই সেনা বাহিনী, চি আৰ পি এফ, আই টি বি পি, এন ডি আৰ এফ, এছ ডি আৰ এফ আদিয়ে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিছে।

ইফালে, এই অমৰনাথ যাত্ৰাৰ বাবে অহা শতাধিক অসম যাত্ৰীও আৱদ্ধ হৈ আছে বালতল আৰু পেহেলগাম বেষ্ট কেম্পত। সাধাৰণতে এই দুইটা পথেৰে অমৰনাথ গুহা লৈ যাব পাৰি। বালতলৰ পৰা ১৬ কিলোমিটাৰ আৰু পেহেলগামৰ পৰা ৩৬ কিলোমিটাৰ পথ খোজকাঢ়ি, ঘোঁৰাৰে, পাল্কি বা দোলা আৰু হেলিকপ্টাৰেৰে যাত্ৰী সকল অহা-যোৱা কৰে। এই দুইটা স্থানতে অসমৰ যাত্ৰী সকল থকাৰ লগতে জম্মু-শ্ৰীনগৰ পথ আৰু শ্ৰীনগৰ-বাততল পথত থকা সেনা বাহিনী আৰু চি আৰ পি এফ কেম্পত সুৰক্ষিত অৱস্থাত আছে।

ইয়াৰে মঙলদৈৰ পৰা যোৱা আছুৰ কেন্দ্ৰীয় বিত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশী, সাংবাদিক তথা অসম বাৰ্তা জীবি সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, নৱজ্যোতি মহন্ত, প্ৰাঞ্জল মহন্ত অমৰনাথ দৰ্শন কৰি সুৰক্ষিত ভাৱে জম্মুত উপস্থিত হৈছেহি। এই দৰে মঙলদৈৰে নিপন নাথ, গৌতম চহৰীয়া সহিতে ৩৫ জনীয়া দলটি আৱদ্ধ হৈ আছে সেনা শিবিৰত।

সেইদৰে গুৱাহাটীৰ বেলতলাৰ আন এটা দল আবদ্ধ হৈ আছে বালতলত। আনহাতে, ভাৰত ডেকাৰ নেতৃত্বত তেজপুৰ চহৰৰ পৰা যোৱা ১২ জনীয়া দলটি অমৰনাথ দৰ্শন নকৰাকৈ স্বগৃহলৈ উভতিছে। মঙলদৈৰ তীৰ্থযাত্ৰী মুকুট ৰাজ শৰ্মাই জনোৱা মতে অসমৰ সকলো তীৰ্থ যাত্ৰী সুৰক্ষিত হৈ আছে। তদুপৰি অমৰনাথ যাত্ৰা পুনৰ কেতিয়া খুলিব সেয়া অনিশ্চিত হৈ পৰাত তীৰ্থযাত্ৰী সকলে পুনৰ যাত্ৰা লৈ ৰখিব নে ঘৰলৈ উভতিব তাক লৈ চিন্তিত হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply