গুৱাহাটীঃ ২২জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’ব অম্বুবাচী। ক’ভিডৰ বাবে বিগত দুবছৰে অনুষ্ঠিত হোৱা নাছিল অম্বুবাচী মেলা। পিছে যোৱা কেইদিনমানৰ পৰা হোৱা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন ঠাইত প্ৰবল বানপানীৰ লগতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। সেয়েহে শুকুৰবাৰে ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অম্বুবাচী মেলাত ৰাইজক অংশ নল’বলৈ আহ্বান জনাইছে। কেৱল ধৰ্মীয় ৰীতিনীতিৰে এইবাৰ অম্বুবাচী পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

ইতিমধ্যে আগন্তুক অম্বুবাচী উদযাপনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন সাজু হৈ উঠিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৃহস্পতিবাৰে অম্বুবাচী মেলাৰ প্ৰস্তুতি সন্দৰ্ভত মহানগৰ উন্নয়ন বিভাগৰ লগতে অন্যান্য বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছে। ইতিমধ্যে ভক্তসকলৰ বাবে স্থাপন কৰা অস্থায়ী শিবিৰসমূহ পৰিদৰ্শন কৰিছে ৰাজ্যৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে। মালিগাঁৱৰ ৰং ভৱনকে ধৰি মহানগৰখনৰ বিভিন্ন স্থানত অস্থায়ী শিবিৰ স্থাপন কৰা হৈছে। প্ৰতিটো শিবিৰত স্বাস্থ্য বিভাগৰ পৰা চিকিৎসক নিযুক্তি দিয়া হ’ব বুলি পৰ্যটন মন্ত্ৰীগৰাকীয়ে জনাইছে।

আনহাতে সোণাৰাম খেলপথাৰৰ এটা অংশ গাড়ী পাৰ্কিং আৰু এটা অংশত অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰা হৈছে। মহানগৰীৰ ফাঁচী বজাৰত স্থাপন কৰা অস্থায়ী শিবিৰত ৭ হাজাৰ ভক্তৰ থকাৰ ব্যৱস্থা কৰা হৈছে। লগতে মুঠ ২০০ টা শৌচাগাৰৰ ব্যৱস্থা কৰা হৈছে। এইবাৰ স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে বুলিও কয় পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে বিভিন্ন স্থানত ৪০ খন বাছৰ ব্যৱস্থা কৰিছে ASTC য়ে। এইবাৰ ভিআইপি আৰু ভিভিআইপিৰ বাবে সুকীয়াকৈ পাছ নাথাকিব৷ মন্দিৰৰ চাৰিওফালে পৰ্যাপ্ত লাইটৰো ব্যৱস্থা কৰা হৈছে যাতে ভক্তসকলে যাতায়তত কোনো অসুবিধা নাপায়। অস্থায়ী শিবিৰত যোগ শিবিৰ স্থাপনৰ পৰামৰ্শ দিছে ৰাজ্যৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,330 other subscribers

Leave a comment

Leave a Reply Cancel reply