কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় বাৰৰ বাবে বাতিল হ’ল অম্বুবাচী মেলা। এই বিষয়ে জনালে কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে।

উল্লেখ্য যে, অহা ২২তাৰিখৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩০জুনলৈকে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ।

ইফালে ৰাজ্যত যোৱা বৃহস্পতিবাৰলৈকে কোৰোনাকেন্দ্ৰিক পৰিস্থিতি কিছু উন্নত হোৱা পৰিলক্ষিত হৈছে। যোৱা ২৪ঘন্টাত অসমত আকৌ ৪৩০৯জনৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ।

ইয়াৰে ৩৮৬জন কামৰূপ মেট্ৰ’ৰ, ৩৪৭জন তিনিচুকীয়াৰ, ৩১৮জন কাচাৰৰ আৰু ২৭৫জন শোণিতপুৰৰ। বৃহস্পতিবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৬ জন লোক।

লগতে পঢ়ক ৰাজ্যৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিত শইকীয়াক সম্বৰ্ধনা জ্ঞাপন অসম ক্ৰিকেট সংস্থাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply