যোৰহাট : ক’লা ল’ৰাৰ মৃতদেহ ঘৰলৈ নিয়াৰ বাবে অমান্তি এম্বুলেন্সৰ চালক। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ক’লা ল’ৰাৰ মৃতদেহ ঘৰলৈ নিয়াৰ বাবে অমান্তি এম্বুলেন্সৰ চালক।
অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰা নিহত। আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ অন্য এখন বাহনৰ খুন্দাত নিহত হয় ক’লা ল’ৰা।
দুর্ঘটনাৰ পিছতে আহত ক’লা ল’ৰাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ আৰক্ষীয়ে আনে যদিও চিকিৎসকে ক’লা ল’ৰাক মৃত বুলি ঘোষণা কৰে। ক’লা ল’ৰাৰ মৃতদেহ আৰক্ষীয়ে পৰিয়ালৰ লোকক গতাই দিয়ে।
ইফালে ক’লা ল’ৰাৰ মৃতদেহ ঘৰলৈ নিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে পৰিয়ালৰ লোকে। কাৰণ যোৰহাটৰ এম্বুলেন্স চালক সকলে ক’লা ল’ৰাৰ মৃতদেহ নিবলৈ অমান্তি হৈছে।
লগতে পঢ়ক : ৰে’লৰ খুন্দাত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু
মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত ক’লা ল’ৰাৰ পৰিয়ালৰ লোকে ঘৰলৈ নিয়াৰ বাবে এম্বুলেন্সৰ ব্যৱস্থাৰ চেষ্টা চলাই বিফল হয়। জানিব পৰা মতে অন্য এখন বাহনেৰে ক’লা ল’ৰাৰ মৃতদেহ ঘৰলৈ নিব পৰিয়ালৰ লোকে।