খুমটাইবাসী ৰাইজৰ বাবে বিধায়ক মৃণাল শইকীয়াৰ বিনামূলীয়া অক্সিজেন সেৱা

গোলাঘাট: ৰাজ্যৰ চৌদিশে ক’ভিডৰ ভয়াৱহতা। দিনক দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। গোলাঘাট জিলাতো সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে । কালিৰ দিনটোত জিলাখনত ১২৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে । জিলা খনত যোৱা দহ দিনত আক্ৰান্তৰ সংখ্যা ১০৫৩ জনলৈ বৃদ্ধি পাইছে ।

এনে অৱস্থাত চিকিৎসা সেৱাৰ সমস্যাই দেখা দিয়াৰ উপক্ৰম হৈছে। বিশেষকৈ অক্সিজেনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাই বহুতকে সংকিত কৰিছে। তেনেসময়ত গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শ‌ইকীয়াই দেখুওৱাইছে আদৰ্শ।খুমটাই সমষ্টিবাসী ৰাইজৰ বাবে বিনামূলীয়া ক’ভিড এম্বুলেঞ্চ আগবঢ়াইছে বিধায়ক মৃনাল শ‌ইকীয়াই ।

নেপক’সৃষ্ট বানপানীৰ সময়ত মৃণাল শইকীয়াই ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিছিল “ভ্ৰাম্যমাণ পাকঘৰ” ৰূপে। বিগত বৰ্ষত ক’ভিডৰ ভয়াৱহতাৰ সময়তো “ভ্ৰাম্যমাণ পাকঘৰে” সেৱা আগবঢ়োৱাৰ পাছত এইবাৰৰ ক’ভিড ৰোগীৰ বাবে অতিকে প্ৰয়োজন “কভিড এম্বুলেঞ্চ”ৰ সুবিধা খুমটাইবাসী ৰাইজৰ বাবে কৰিছে।

দুখনকৈ বিচনাযুক্ত এম্বুলেঞ্চখনত বিধায়ক মৃনাল শ‌ইকীয়াই ব্যৱস্থা কৰিছে বিনামূলীয়া অক্সিজেন সেৱাৰো।দিনটোৰ ২৪ ঘন্টা খুমটাইবাসী ৰাইজৰ বাবে এম্বুলেঞ্চখন মজুত ৰখাৰ প্ৰতিশ্ৰুতি বিধায়ক গৰাকীৰ।প্ৰতিমূহুৰ্ততে এগৰাকী নাৰ্ছ আৰু অভিজ্ঞ চিকিৎসক প্ৰতিনিধি উপস্থিত থাকিব এম্বুলেঞ্চখনত।

ইয়াৰ উপৰিও সমষ্টিটোৰ এটাকৈ মন্দিৰ, মছজিদ তথা গীৰ্জালৈ বিনামূলীয়া অক্সিজেন আগবঢ়াব বিধায়ক মৃনাল শ‌ইকীয়াই‌।এম্বুলেঞ্চখনৰ বাবে যোগাযোগৰ নং:৮৬৩৮১৫৪৩৬৯। ২৪ ঘন্টাই ৰাইজৰ সেৱাত ব্ৰতী হৈ ৰ’ব এই ক’ভিড এম্বুলেঞ্চ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply