তিনিচুকীয়া: তিনিচুকীয়া জিলাত কোৰোনা ভাইৰাছৰ বিৰুদ্ধে হৈ থকা যুজঁত জৰুৰীকালীন সেৱা আগবঢ়াবলৈ বৃহস্পতিবাৰে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সহযোগিতাত এখন এম্বুলেন্স আগবঢ়োৱা হয় । সাম্প্ৰতিক সময়ত সমাজৰ সহায়ক হোৱাকৈ এম্বুলেন্স সেৱা মুকলি কৰে।

আৰু পঢ়কঃচিৰাঙত ব্ৰিটেইনৰ পৰা অনা অক্সিজেন উৎপাদনকাৰী প্লান্ট স্থাপন

তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত এম্বুলেন্স খনৰ ফিটা কাটি ৰাইজৰ বাবে মুকলি কৰে অসম চৰকাৰৰ শ্ৰম, নিয়োগ আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানে।

এই কাৰ্যসূচীত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন, ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱলা, তিনিচুকীয়া জিলা উপায়ুক্ত দিগন্ত শ‌ইকীয়া আৰু তিনিচুকীয়া আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰ উপস্থিত আছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply