আমিনগাঁও : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোতে কামৰূপৰ উত্তৰ গুৱাহাটীৰ ছিলাত অৱস্থিত জে আৰ টি উদ্যোগে কামৰূপ জিলা প্ৰশাসনলৈ এখন এম্বুলেন্স প্ৰদান কৰে৷ আজি জিলা উপায়ুক্তৰ কাৰ্যালায় সভাকক্ষত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উদ্যোগটিৰ পৰিচালন সঞ্চালক দীপক কয়েল আৰু সহযোগী ৰবি আগৰৱালাই উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ হাতত উদ্যোগটিৰ ক’ৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত দান কৰে এম্বুলেন্সখনৰ চাবি তথা নথি।
অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে এই মহৎ পদক্ষেপৰ বাবে উদ্যোটিৰ শলাগ লয় আৰু এই সেৱাই জিলাখনৰ স্বাস্থ্যখণ্ডক অধিক শক্তিশালী কৰিব বুলি কয়৷ এনেধৰণৰ পদক্ষেপে তেওঁলোকৰ লগত প্ৰশাসনৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি উল্লেখ কৰি আগন্তুক দিনত জিলাখনৰ উন্নয়নৰ স্বাৰ্থত এনে পদক্ষেপ অব্যাহত ৰাখিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷
উদ্যোগটিৰ অংশীদাৰ ৰবি আগৰাৱালাই কয় যে জিলাখনত জৰুৰীকালীন সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এই এম্বুলেন্সখন আগবঢ়োৱা হৈছে৷ তেওঁ আৰু কয় যে এই এম্বুলেন্সখন তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত সংলগ্ন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে জিলাখনৰ লোকসকল উপকৃত হ’ব পাৰিব৷
লগতে পঢ়ক : তিনিগৰাকী এএনএম নাৰ্ছক সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰীয়ে
আগলৈ শিক্ষা আৰু পৰিৱেশ খণ্ডত এনে সহযোগিতা আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে৷ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়াই আঁত ধৰা অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে৷ সভাৰ অন্তত উপায়ুক্তগৰাকীয়ে ফিটা কাটি এম্বুলেঞ্চখনৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে৷