গুৱাহাটী : গুৱাহাটী বিমান বন্দৰত চাঞ্চল্যকৰ ঘটনা। বিমান বন্দৰত উদ্ধাৰ হৈছে আমেৰিকান ডলাৰ। এগৰাকী যাত্ৰীৰ বেগৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ আমেৰিকান ডলাৰ। এগৰাকী যাত্ৰীয়ে দিল্লীৰ পৰা আনিছিল ডলাৰখিনি। মণিপুনৰলৈ নিয়াৰ পথত গুৱাহাটী বিমান বন্দৰত ধৰা পৰে।
গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত এগৰাকী যাত্ৰীৰ বেগৰ পৰা উদ্ধাৰ হৈছে ৯০ হাজাৰ আমেৰিকান ডলাৰ। দিল্লীৰ পৰা অহা যাত্ৰী গৰাকীয়ে আমেৰিকান ডলাৰখিনি বিমানযোগে মণিপুৰলৈ নিয়াৰ চেষ্টা চলাওঁতে ধৰা পৰে। ৯০ হাজাৰ আমেৰিকান ডলাৰখিনি ভাৰতীয় হিচাপত প্ৰায় ৬৫ লাখ টকা।
লগতে পঢ়ক : টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ নিধন
দিল্লীৰ পৰা অহা আৰ্বাজুদ্দিন মালে নামৰ এগৰাকী যাত্ৰীৰ বেগৰ পৰা উদ্ধাৰ হৈছে আমেৰিকান ডলাৰখিনি। বিমান বন্দৰত বেগ স্ক্ৰীনিং কৰাৰত বেগৰ ভিতৰত এই ডলাৰখিনি ধৰা পৰে। আমেৰিকান ডলাৰ সৰবৰাহকাৰী যাত্ৰী গৰাকীক আটক কৰি তদন্ত অব্যাহত ৰখা হৈছে।