আমগুৰি– ১৫ মাৰ্চৰ পৰা আমগুৰিৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৰুচেংৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত, বিহু কৃষ্টি পৰিষদ, অসমৰ শিৱসাগৰ জিলা সমিতি, আমগুৰিৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগ তথা আমগুৰিবাসীৰ সহযোগত দুৰ্গাবাৰী প্ৰাঙ্গনত অনুষ্ঠিত হোৱা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাখনিৰ ২৪ মাৰ্চত সামৰণি পৰে।
আৰু জানিবলৈ পঢ়কঃ কলগাছিয়াত মছজিদত নামাজ পঢ়ি থকা অৱস্থাতে চোকা অস্ত্ৰৰে ব্যক্তিক আক্ৰমণ
আমগুৰি মহাবিদ্যালয়ৰ অৰুণ মহন্ত সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সামৰণী অনুষ্ঠানত বিহু কৃষ্টি পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বৰ বিহুৱা খ্যাত হেমন্ত চাংমাইয়ে সভাপতিত্ব কৰা ৰাজহুৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী শিখাপ্ৰিয়া গগৈ, মুখ্য সম্পাদক দেৱজিত শইকীয়া, মুখপত্ৰৰ সম্পাদক ব্ৰজেন দাস, জিলা সমিতিৰ সম্পাদক গোবিন গগৈ, আমগুৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষা নীলিমা বৰুৱা, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক টুলু ফুকন, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ সভাপতি ত্ৰিলোচন বৰা, মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি বিমান শেনছোৱা বৰুৱা, লোককৃষ্টিৰ গৱেষক গীতালী শৰ্মা, শিক্ষাবিদ তৰুণ চন্দ্ৰ নাথ, সাংস্কৃতিক কৰ্মী পুলু দত্ত, সমাজ কৰ্মী দিগন্ত বৰুৱাৰ লগতে বিশিষ্ট লোকসকল।
সভাত অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা ৰাম গগৈ বঁটা প্ৰাপক কবি, সাহিত্যিক যোগেশ কিশোৰ ফুকনক ২০২০ বৰ্ষৰ ‘ৰুচেংৰী’ বঁটা প্ৰদান কৰা হয়।
ইয়াৰ উপৰিও বিহু কৃষ্টি পৰিষদৰ আমগুৰি আঞ্চলিক সমিতিখন বিশিষ্ট বিহুৱা দেবেশ্বৰ গগৈক সভাপতি, পবিত্ৰ নেওগক কাৰ্যকৰী সভাপতি আৰু প্ৰকাশ বৰুৱাক সম্পাদক হিচাপে লৈ গঠন কৰা হয়।
আৰু জানিবলৈ পঢ়কঃ পাঁচ গেৰাণ্টি পূৰ্ণ কৰাৰ সংকল্প গ্ৰহণ কৰিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলে
কৰ্মশালাখনিত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানতে জনপ্ৰিয় বৰ বিহুৱা প্ৰবীন বৰুৱা, বৰ বিহুৱতী নিৰ্মলা দাস, ববী নেওগ দত্তৰ লগতে মুঠ ১০ গৰাকী সমল ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।
উক্ত অনুষ্ঠানত প্ৰায় তিনি শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।