আমগুৰিঃ আমগুৰি অসম-নাগালেণ্ড সীমান্তত দুৰ্বৃত্তই জ্বলাই দিলে বিঘাই বিঘাই চাহখেতি।
জুইত জাহ যায় বৰচিলা চাহবাগিচাৰ ১০বিঘাকৈ চাহখেতি।
ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহুকেইজন ক্ষুদ্ৰ চাহখেতিয়ক।
পূৰ্বেও চাহগছ কাটি তহিলং কৰিছিল দুৰ্বৃত্তই।
দুৰ্বৃত্তৰ কাণ্ডত ক্ষুব্ধ হৈ পৰিছে চাহ খেতিয়ক সকল।