নিউজ ডেস্কঃ আমিনগাঁৱত বাইক চুৰৰ সন্ত্ৰাস। মঙলবাৰে এক গোপন সূত্ৰৰ পম খেদি আমিনগাওঁ আৰক্ষীয়ে কামৰূপ জিলাৰ চেঁচাৰ পৰা এখন চুৰি হোৱা গ্লেমাৰ বাইকসহ ৩জন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত চোৰ তিনিজন নলবাৰীৰ আজিজুল হক, মুকালমুৱাৰ ইমদাদুল হক চৌধুৰী আৰু আলফুদ্দিন আলী।
তিনিজন চুৰ বাইক চুৰি চক্ৰৰ লগত জড়িত বুলি আৰক্ষীয়ে সদৰী কৰিছে।
ধৃত আলফুদ্দিন আলীয়ে এএছ০১ ডি কে ০১৩৬নম্বৰৰ বাইকখন বিক্ৰীৰ বাবে যো-জা কৰি থাকোতেই আৰক্ষীয়ে হাতে-লুটে ধৰিবলৈ সক্ষম হয়।
উদ্ধাৰ হোৱা বাইকখন ৰঙিয়াৰ পৰা চুৰি কৰি কামৰূপ জিলাৰ চেঁচাত বিক্ৰিৰ বাবে যোজা চলাইছিল।
উল্লেখ্য যে, কামৰূপ জিলাৰ আমিনগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয় আৰু আমিনগাঁৱৰ আইন মহাবিদ্যালয়ৰ পৰা চুৰি হোৱা দুখন বুলেট চুৰিৰ কাণ্ডটো আলফুদ্দিন আলী জড়িত বুলি আৰক্ষীয়ে স্পষ্ট কৰিছে।
আৰু পঢ়কঃডিগবৈ টিংৰাই বোমা বিস্ফোৰণ কাণ্ডত জড়িতৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ