নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সম্পূৰ্ণ হ’ব এটা বছৰ। সেই উপলক্ষে ১০ মে’ত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বিশাল সমাবেশ অনুষ্ঠিত হ’ব।
ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে অসমত আহি উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে আজি পুৱা প্ৰায় ১১ বজাত মানকাচৰত উপস্থিত হয়।
হেলিকপ্টাৰেৰে মানকাচৰত উপস্থিত হৈ প্ৰথমে কামাখ্যা মন্দিৰত দেৱীক সেৱা জনাই আৰু তাৰপাছত ভাৰত-বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে।
মানকাচৰত উপস্থিত হোৱাৰ সময়ত হাজাৰ হাজাৰ ৰাইজে অভিনন্দন জনাই তেওঁক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
ইয়াৰ পাছতেই বিশাল কনভয়ৰে মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্প এলেকাত থকা কালো নদীৰ পাৰত থকা বিএছএফ পহৰা টাৱাৰ উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
তাৰপৰা তেওঁ উপস্থিত হয়গৈ তামুলপুৰত। তামুলপুৰৰ অস্ত্র-শস্ত্র নিৰ্মাণ কাৰখানাৰ ভূমিপূজন কৰে অমিত শ্বাহে। তামুলপুৰৰ কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত আমিনগাঁৱৰ লোকপিয়ল ভৱন উদ্বোধন আৰু এছ এছ বি-ৰ ভৱনৰ ই-উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
গৃহমন্ত্ৰী অমিত শ্বাহে আমিনগাঁৱৰ পৰা আহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপলব্ধ হোৱা হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব ৷ নিশ্চিতভাৱে অসমৰ স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত ই এক ঐতিহাসিক সফলতা।
জানিব পৰা মতে, এই কেন্দ্ৰটিত উপলব্ধ থাকিবলগীয়া সেৱা সমূহ হৈছে ক্ৰমে- অত্যাধুনিক সঁজুলিৰ সৈতে ৩০০ খন বিছনাৰ সুবিধা, হৃদ-বক্ষ বিভাগ, হৃদ-বক্ষৰ অস্ত্ৰোপচাৰ, স্নায়ু বিভাগ আৰু স্নায়ুৰ অস্ত্ৰোপচাৰ, হৃদযন্ত্ৰ আৰু স্নায়ু সম্বন্ধীয় জৰুৰীকালীন সেৱা, সম্পূৰ্ণ অনলাইন পদ্ধতিৰে নাম পঞ্জীয়নৰ সুবিধা, অত্যাধুনিক পৰীক্ষাগাৰ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই কাৰ্যসূচীৰ পাছত কাইলৈ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
ইতিমধ্যে গুৱাহাটীৰ একাংশ স্থানত জাৰি কৰা হৈছে ১৪৪ ধাৰা। মহানগৰীৰ দিছপুৰ, ভাঙাগড়, বশিষ্ঠ, হাতীগাঁও, সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানা অন্তৰ্গত এলেকাসমূহ সামৰি সমগ্ৰ পূব আৰক্ষী জিলা, গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰে। সেই অনুসৰি, ৫জন লোকৰ সমাবেশ, আন্দোলন, প্ৰদৰ্শন, শোভাযাত্ৰা আৰু শ্লোগান দিয়া আদি নিষিদ্ধ কৰিছে।
তেওঁৰ এই কাৰ্যসূচীৰ সময়ত বা খানাপাৰালৈ গৈ থকা অৱস্থাত যাতে কোনো ধৰণৰ আন্দোলন, প্ৰদৰ্শন, শোভাযাত্ৰা বা শ্লোগান দিব নোৱাৰে তাৰ বাবেই গুৱাহাটীত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
আনহাতে, গৃহমন্ত্ৰীৰ ভ্ৰমণকলৈ মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত পথৰ সাল-সলনি কৰা হৈছে। আজি পুৱা ৪ বজাৰ নিশা ৯ বজালৈকে লঘু, মধ্যম আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ডি জি ৰোড, এটি ৰোড, এম জি ৰোড, কেএলবি ৰোড, জি এন বি ৰোড, তইবুল্লাহ ৰোড, বি বৰুৱা ৰোড আৰু জি এছ ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।
১০মে’তো পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈকে থাকিব এই নিষেধাজ্ঞা জাৰি। লঘু, মধ্যম আৰু বাণিজ্যিক বাহন সমূহ জিএনবি ৰোড, বি বৰুৱা ৰোড, বি কে কাকতি ৰোডত চলাচল কৰিব নোৱাৰিব।
মঙলবাৰৰ পুৱা ৭বজাৰ পৰা ৯বজালৈ সকলো ধৰণৰ লঘু, মধ্যম বা বাণিজ্যিক বাহন জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত চলাচলত বাধা আৰোপ কৰিছে। ২৭নং, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথতো চাৰি চকাযুক্ত অথবা ততোধিক চকাযুক্ত বাহন চলাচলত বাধা আৰোপ কৰা হৈছে।