ফাইল ফটো

নিউজ ডেস্ক- ৰাজ্যত তুংগত উঠিছে নির্বাচনী প্রচাৰ অভিযান । প্রথম পর্যায়ৰ বিধানসভা নির্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ মুহূর্তত বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনকেন্দ্রিক তৎপৰতা ক্রমাৎ বৃদ্ধি পাইছে।

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আগমন ঘটিছে হেভীৱেট নেতাসকলৰ।

একেৰাহে দুদিন প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চাবুৱা আৰু বোকাখাতত গণ সমাৱেশ সম্বোধন কৰাৰ পাছত আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ।

গৃহমন্ত্ৰী গৰাকীয়ে জোনাই, মাজুলী আৰু ওডালগুৰিত ৩খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব।

গৃহমন্ত্রীজনে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপৰি ভুবন পেগু, গোবিন্দ বসুমতাৰী, বিশ্বজিৎ দৈমাৰী জিতু কিষাণ আৰু অশোক সিংঘলৰ হৈ নির্বাচনী প্রচাৰ চলাব৷

ইয়াৰ পিছতেই ৰাজ্যিক বিজেপিৰ সাংগঠনিক সভাতো অংশ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে।

তদুপৰি, টিংখাঙত প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷

তিতাবৰ, বিহালীতো নিৰ্বাচনী সভাত অংশ ল’ব জে পি নাড্ডাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply