নিউজ ডেস্কঃ অসমত উপস্থিত হৈ আজি উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ বিজেপি কাৰ্যালয় উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই।
গুৱাহাটীত বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰোতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ বান সমস্যা সমাধান আৰু বানপানীৰ দ্বাৰা হোৱা ক্ষতি নিয়ন্ত্ৰণৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰে।
লগতে তেওঁ আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰা আৰু অঞ্চলটোত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ (এএফএছপিএ)ৰ প্ৰয়োজনীয়তা আৰু সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে ই কেনেদৰে অত্যাৱশ্যকীয় সেয়াও কয়।
অমিত শ্বাহে নিজৰ ভাষণত উল্লেখ কৰে যে- তেওঁলোকৰ শাসনলৈ অহাৰ পিছত উগ্ৰপন্থী কাৰ্যকলাপৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। এই সময়চোৱাত প্ৰায় ৯০০০ জন লোকে অস্ত্ৰ-শস্ত্ৰ এৰি মূলখুটিলৈ ঘূৰি আহিছে।
আজিৰ এই অনুষ্ঠানটোত অমিত শ্বাহ আৰু জে পি নাড্ডাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাও উপস্থিত থাকে।