নিউজ ডেস্কঃ অসম ভ্ৰমণৰ আজি তৃতীয়টো দিন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আজি পুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী উপস্থিত হয় কামাখ্যা দেৱালয়ত। 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ লগত মা কামাখ্যাৰ আশীষ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱা মা দেৱীৰ আশীষ লোৱাৰ পাছতে খানাপাৰাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ বৈঠকত উপস্থিত হয় গৃহমন্ত্ৰী গৰাকী।

উল্লেখযোগ্য যে, এই বৈঠকত উত্তৰ-পূব পৰিষদৰ আগন্তুক কাৰ্যকাল সন্দৰ্ভত কৰা হ’ব আলোচনা। তাৰপাছত দেৰগাঁৱত আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হ’ব তেওঁ। 

কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিছিল। দেশৰ ভিতৰত আটাইতকৈ ডাঙৰ বিজেপিৰ কাৰ্যালয়টো উদ্বোধন কৰা সময়ত তেওঁৰ সৈতে উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,578 other subscribers

Leave a comment

Leave a Reply Cancel reply