গুৱাহাটী – কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত ‘স্বৰাজ-ভাৰত কে স্বতন্ত্ৰতা সংগ্রাম কী সমগ্র গাথা’ শীৰ্ষক এক মেগা-ছিৰিয়েলৰ শুভাৰম্ভণি কৰে। উল্লেখ্য যে এই ছিৰিয়েলখন দূৰদৰ্শনৰ বাবে প্ৰস্তুত কৰা হৈছে। ৭৫ টা খণ্ডৰ এই ধাৰাবাহিকখন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাস তথা ভাৰত বুৰঞ্জীৰ অল্পখ্যাত কাহিনী দেখুওৱা হ’ব।

এই ছিৰিয়েলৰ উদ্বোধনী ঘোষণা উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত গৃহমন্ত্ৰীজনে কয় যে, এই স্বৰাজ ছিৰিয়েলখনে ভাৰতীয়সকলক তেওঁলোকৰ সংস্কৃতি, মূল্যবোধ আৰু পুৰণি পুথি-পাজি সম্পৰ্কে অৱগত কৰিব।
অনুষ্ঠানত উপস্থিত থাকি দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে, এই ধাৰাবাহিকৰ যোগেদি দেশৰ দৰ্শক জনসাধাৰণে স্বাধীনতা যুঁজৰ সংগ্ৰামীসকলৰ ত্যাগৰ বিষয়ে শিকিব পাৰিব। এই ধাৰাবাহিকখন অহা ১৪ আগষ্টৰ পৰা নটা ভাৰতীয় ভাষাত সম্প্ৰচাৰ কৰা হ’ব। ধাৰাবাহিকখন আকাশবাণী যোগেও সম্প্ৰচাৰিত হ’ব।