কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ১০ এপ্ৰিল তাৰিখে ডিব্ৰুগড় ভ্ৰমণ কৰা সম্ভাৱনা আছে। তথ্য অনুসৰি সেইদিনা মোহনবাৰীত উপস্থিত হ’ব অমিত শ্বাহ, তাৰ পাছতে তেওঁ অৰুণাচল প্ৰদেশলৈ ৰাওনা হ’ব। অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰি সেইদিনা উভতি আহিব ডিব্ৰুগড়লৈ ।

অহা ১১ এপ্ৰিলত ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ।

জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ সময়ত ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া বিজেপি মণ্ডল কাৰ্যালয়ৰ ভূমি পূজনো পালন কৰিব।

ইফালে অমিত শ্বাহৰ ডিব্ৰুগড় ভ্ৰমণৰ পূৰ্বে নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ ডিব্ৰুগড় ভ্ৰমণৰ পূৰ্বে গ্ৰেহাম বজাৰ তিনিয়ালিৰ পৰা পল্টন বজাৰ অভিমুখে নিৰ্মাণ কৰা পেভাৰ ব্লক বৰদলৈ এভিনিউ (এএমচি ৰোড)ক ব্লেক টপ ৰোডলৈ ৰূপান্তৰিত কৰাৰ বাবে নিশাৰ ভিতৰতে কাম আগবঢ়াই নিয়া হৈছে। তেওঁৰ ভ্ৰমণৰ আনুষ্ঠানিক নিশ্চয়তা এতিয়াও পোৱা হোৱা নাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply