নিউজ ডেস্ক : উদ্যোগপতি সকলক উত্তৰ-পূবত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। বৃহস্পতিবাৰে Indian Chamber of Commerce -ৰ বাৰ্ষিক অধিৱেশন সম্বোধন কৰি শ্বাহে এই আহ্বান জনায়।

অনলাইন যোগে বাৰ্ষিক অধিৱেশনখন সম্বোধন কৰি স্বাহে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰচেষ্টাত যোৱা ৭ বছৰত উত্তৰ-পূবত শান্তি স্থাপন হোৱাৰ লগতে উগ্ৰপন্থী সমস্যাৰ অন্ত পৰি অঞ্চলটোলৈ ৰাজনৈতিক স্থিৰতা ঘুৰি আহিছে।

ইয়াৰ উপৰি পূৰ্বৰ তুলনাত অঞ্চলটোৰ আন্তঃগাঁথনি তথা যোগাযোগ ব্যৱস্থাৰ যথেষ্টখিনি উন্নতি সাধন ঘটিছে বুলি তেওঁ কয়।

২০২৪ চনৰ ভিতৰত মোদী চৰকাৰে উত্তৰ-পূবৰ আটাই কেইখন ৰাজ্যৰ ৰাজধানীক বিমানসেৱাৰ জৰিয়তে সংযোগ কৰাৰ লগতে ৭খন ৰাজ্যৰ ৰাজধানীৰ মাজত ট্ৰেইনৰ চলাচল আৰম্ভ কৰিব।

‘উত্তৰ-পূবৰ বিকাশক ত্বৰান্বিত কৰি দেশৰ আন ঠাইৰ বিকাশৰ সৈতে ইয়াক সমপৰ্য্যায়লৈ নিয়াৰ সময় আহি পৰিছে। মই মুখ্য মন্ত্ৰীৰ সৈতে কথা পাতিছো, অহা মাৰ্চ মাহত অসমত এখন ব্যৱসায়ীক সন্মিলন অনুষ্ঠিত কৰা হ’ব, মই বিচাৰো যে ICC-এ উক্ত সন্মিলনত অংশগ্ৰহণ কৰক।’ অমিত শ্বাহে কয়।

লগতে পঢ়ক : মানুহ আকৌ ‘কা’ বিৰোধী আন্দোলনলৈ ওলাই আহিব : লুৰীণজ্যোতি গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply