গুৱাহাটীঃ তিনিদিনীয়া অসম ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব দুয়োগৰাকী নেতা ।

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দুয়োগৰাকী নেতাই বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰিব।

অনুষ্ঠানৰ শেষত দুয়োগৰাকীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বুথ কৰ্মীসকলৰ এক ৰেলীত অংশগ্ৰহণ কৰিব। এই ৰেলীত অংশগ্ৰহণ কৰিব ৪০,০০০-৪৫,০০০ বুথ কৰ্মীয়ে।

শনিবাৰে জেপি নাড্ডাই কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰাৰ পিছত সন্ধিয়া দিল্লীলৈ ৰাওনা হ’ব।

আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে সন্ধিয়া আৰু দেওবাৰে পুৱা গুৱাহাটীৰ অসম প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া কেইবাখনো চৰকাৰী সভাত অংশগ্ৰহণ কৰিব।

ইয়াৰ পাছতে আবেলি তেওঁ অসম আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গোলাঘাটৰ দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হ’ব। এই অনুষ্ঠানৰ পাছতেই সন্ধিয়া যোৰহাট বিমানবন্দৰৰ পৰা তেওঁ পুনৰ দিল্লীলৈ ৰাওনা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply