নিউজ ডেস্ক: উচ্চ নিৰাপত্তাসম্পন্ন ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত মঙলবাৰে চোৰাংচোৱা সংস্থা(IB) য়ে ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপাল সিঙক কেইবাঘণ্টা ধৰি জেৰা কৰে।

তথ্য অনুসৰি দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পাঁচজনীয়া চোৰাংচোৱা সংস্থা(IB) ৰ এটা দলে পুৱা প্ৰায় ৯.১৫ বজাত অমৃতপালক জেৰা কৰিবলৈ কাৰাগাৰত উপস্থিত হয়। প্ৰায় ৬.৩০ বজালৈকে ভাৰত চৰকাৰৰ চোৰাংচোৱা সংস্থাটোৱে ৯ ঘণ্টাজোৰা দীঘলীয়া জেৰা প্ৰক্ৰিয়াত অমৃতপাল সিঙক সোধা–পোছা কৰে। দীঘলীয়া জেৰা প্ৰক্ৰিয়াত অমৃতপাল সিঙক কি কি সোধা–পোছা কৰা হ’ল সেয়া অৱশ্যে বৰ্তমানেও জানিব পৰা হোৱা নাই।

অমৃতসৰ আৰক্ষী অধীক্ষক জুগ্ৰাজ সিঙৰ নেতৃত্বত পঞ্জাৱ আৰক্ষীৰ এটা দলে অমৃতপাল সিঙক দেওবাৰে ডিব্ৰুগড় কাৰাগাৰলৈ লৈ যোৱাৰ পিছৰ পৰাই ডিব্ৰুগড় চাৰ্কিট হাউচত বাহৰ পাতি আছে চোৰাংচোৱা সংস্থাটোৱে ।

উল্লেখ্যযোগ্য যে ,মঙলবাৰে পঞ্জাৱ আৰক্ষীৰ এটা দলেও কাৰাগাৰৰ ভিতৰত উগ্ৰ খালিস্তানী প্ৰচাৰকজনক জেৰা কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply