ৰাজ্যচৰকাৰৰ অধীনৰ এটা সংস্থা এমট্ৰ’নত এতিয়া দুৰ্নীতি হাতোৰা চলিছে। বৃহস্পতিবাৰে চি আই ডিয়ে আটক কৰিছে এমট্ৰ’নৰ গাণনিক গৰাকী। বিত্তীয় খেলিমেলিৰ বাবেই আটক কৰা হৈছে এমট্ৰ’নৰ গাণনিক ৰাহুল হুজুৰিক।

চি আই ডিয়ে চানমাৰি আৰক্ষী থানাৰ সহযোগত আটক কৰে তেওঁক। এমট্ৰ’নৰ একাউণ্টৰ পৰা হেৰাইছে ২. ৫৭ কোটি টকা। বেক অফ মহাৰাষ্ট্ৰত আছিল এমট্ৰনৰ একাউণ্ট। ৮ নৱেম্বৰৰ পৰা একাউণ্ট হেক হোৱা তথ্য পোহৰলৈ আহিছে।বেংক অফ মহাৰাষ্ট্ৰৰ পাণবজাৰ শাখাৰ পৰা ট্ৰেন্সফাৰ হৈছিল প্ৰায় ২.৫৭ কোটি টকা।

 ৰাহুল হুজুৰীৰ মেইলৰ পৰা ৮ নৱেম্বৰত বেংক কৰ্তৃপক্ষলৈ মেইল কৰা হৈছিল। কেইবাটাও একাউণ্টত ধন পঠিয়াবলৈ মেইল কৰিছিল গাণনিক বিষয়া ৰাহুল হুজুৰীয়ে। কিন্তু এমট্ৰনৰ কৰ্তৃপক্ষ জ্ঞাত নাছিল এই ধন ট্ৰেন্সফাৰ কৰা সন্দৰ্ভত।


এই বৃহৎ পৰিমাণৰ ধন হৰলুকি হোৱাৰ বাবেই আটক কৰিছে গাণনিক হুজুৰিক। পিছত বেংক কৰ্তৃপক্ষ আৰু এমট্ৰনৰ তৰফৰ পৰা পাণবজাৰ থানা আৰু চি আই ডিত দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল ১০ আৰু ১১ নৱেম্বৰত। ইতিমধ্যে যিকেইটা একাউণ্টত পইচা ট্ৰেন্সফাৰ কৰা হৈছিল সেই আটাইকেইটা একাউণ্ট বন্ধ কৰা হৈছে। আটকাধীন হুজুৰিক আজি ন্যায়ালয়ত হাজিৰ কৰাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰৰ বিভিন্ন কাম কাজৰ প্ৰযুক্তিৰ কাৰিকৰী দিশবোৰ এমট্ৰ’নে চোৱাচিতা কৰি আহিছে।

লগতে পঢ়ক-কঁপিলী নদীত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply