নিউজ ডেস্ক : অহা ১ জুলাইৰ পৰা আমুল ব্ৰেণ্ডৰ অধীনৰ বিভিন্ন দুগ্ধজাত সামগ্ৰীৰ দাম বৃদ্ধি পাব। আমুল প্ৰতিষ্ঠান বুধবাৰে জনোৱা মতে কাইলৈৰ পৰা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱাকৈ আমুলৰ প্ৰতি লিটাৰ গাখীৰৰ দাম ২ টকাকৈ বৃদ্ধি পাব।
আমুল গ’ল্ড, আমুল শক্তি, আমুল তাজা, আমুল টী-স্পেচিয়েল, আমুল স্লিম এণ্ড ট্ৰীমৰ প্ৰতি লিটাৰ পেকেটত এই বৰ্ধিত মূল্য প্ৰযোজ্য হ’ব বুলি কোৱা হৈছে।
লগতে পঢ়ক : তেজপুৰস্থিত DRL-DRDO-ত নিযুক্তি; জানক আৱেদনৰ শেষ তাৰিখ
উল্লেখযোগ্য যে প্ৰায় ডেৰ বছৰৰ পিছত আমুলে ইয়াৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। সেই অনুসৰি এতিয়াৰ পৰা আধা লিটাৰ আমুল গ’ল্ডৰ দাম হ’ব ২৯ টকা, আমুল তাজাৰ দাম হ’ব ২৩ টকা আৰু আমুল শক্তিৰ দাম হ’ব ২৬ টকা।
পৰিবহণ, পেকেজিং আৰু লজিস্টিক ব্যয় বৃদ্ধি পোৱাৰ বাবে মূল্য বৃদ্ধিৰ সিদ্ধান্ত ল’ব লগীয়া হোৱা বুলি প্ৰতিষ্ঠানটোৰ ফালৰ পৰা কোৱা হৈছে।