তেজপুৰ আৰক্ষীৰ সহযোগত চাংসাৰি আৰক্ষীয়ে হত্যাৰ গোচৰত জড়িত এজন সেনা বিষয়াক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, ধৃত সেনা বিষয়াজনৰ নাম লেফটেনেণ্ট কৰ্ণেল অমৃন্দৰ সিং ৱালিয়া। অমৃন্দৰ সিং ঘৰ পঞ্জাৱত। তেওঁ তেজপুৰ সেনাবাহিনীত জনসংযোগ বিষয়া হিচাপে কৰ্মৰত আছিল।

তেজপুৰ সেনা বেটেলিয়নৰ চতুৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অমৃন্দৰ সিঙক।

উল্লেখযোগ্য যে যোৱা ১৫ ফেব্ৰুৱাৰীত কামৰূপৰ চাংসাৰিৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মৃতদেহটো ৰাষ্ট্ৰীয় ঘাইপথ ৩১ৰ সমীপত পেলাই দিয়া হৈছিল।

তেতিয়াৰ পৰাই হত্যাকাণ্ডৰ আঁৰত জড়িত লোকসকলক আটক কৰিবলৈ চাংসাৰি আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল।

অভিযোগ অনুসৰি তেওঁ মহিলাগৰাকীৰ সৈতে বহুদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply