গুৱাহাটীঃ ভাৰতীয় বায়ু সেনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যুঁজাৰু বিমানৰ স্কোয়াড্ৰনত লেফটেনেণ্ট হিচাপে যোগদান কৰিছে অসম কন্যা আকাংক্ষা চৌধুৰীয়ে।
যিটো সমূহ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। এই বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হৈছিল ভাৰতীয় বায়ু সেনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা। মুঠতে ১২০০যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰি বিশেষ পদলাভ কৰিছে।বহুতৰে বাবে অনুপ্ৰেৰণা হৈ পৰা আকাংক্ষা হৈছে উত্তৰ-পূবৰ একমাত্ৰ যুৱতী যিয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে।
আকাংক্ষা চৌধুৰীৰ ঘৰ গুৱাহাটীৰ ছয়মাইলৰ জুৰিপাৰত। পিতৃৰ নাম হৈছে আলিন্দ্ৰ চৌধুৰী আৰু মাতৃ বেলি চৌধুৰী।
লগতে পঢ়কঃকেনেকৈ শ্বুটিঙৰ প্ৰতি আগ্ৰহী হ’ল পেৰালিম্পিকত স্বৰ্ণ বিজয়ী অবনী লেখাৰা?
আকাংক্ষাৰ এই সফলতাৰ খবৰ বিয়পি পৰাৰ লগে লগে এই সাফল্যক ৰাজ্যখনৰ বাবে “মহান সন্মান” বুলি অভিহিত কৰি বিভিন্ন জনে শুভকামনা জনাইছে।
পাটাছাৰকুছি বিজেপিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে পাঠশালা টাউন ক্লাব, পাঠশালা ৰঙালী বিহু সন্মিলন আৰু বজালী জিলা প্ৰেছ গিল্ডকে ধৰি বিভিন্ন সংগঠন আৰু ক্লাবৰ সদস্যসকলে আকাংক্ষাক তেওঁৰ মহান সাফল্যৰ বাবে অভিনন্দন জনাইছে আৰু ভৱিষ্যতে তেওঁৰ সফলতা কামনা কৰিছে।
উল্লেখ্য যে, এই মাহৰ আৰম্ভণিতে, অসমৰ কাছাৰ জিলাৰ শিবপুৰ অঞ্চলৰ মাৰিয়া বেগম নামৰ এগৰাকী যুৱতীয়েও ভাৰতীয় বায়ু সেনাত ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত হৈ ৰাজ্যখনৰ বাবে সুনাম কঢ়িয়াই আনিছিল।