নিউজ ডেস্কঃ ষাঠীউৰ্দ্ধৰ বয়সতো কমা নাই ক্ৰীড়াৰ উদ্যম। ক্ৰীড়াক্ষেত্রত বহু মহিলাৰ বাবে তেওঁ হৈ পৰিছে প্ৰেৰণা। কাৰণ এইবাৰ এখন বৃহৎ ক্ৰীড়া মঞ্চত দৌৰেৰে জগত জিনাৰ সপোন এগৰাকী ষাঠীউৰ্দ্ধৰ অসমীয়া এথলীটৰ ।
চলিত বৰ্ষৰ ২৯ জুনৰ পৰা ১০ জুলাইলৈ উত্তৰ ইউৰোপৰ ফিনলেণ্ডত অনুষ্ঠিত হ’ব বিশ্বকাপ মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ । এই বৃহৎ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে বকো ৰাজহ চক্ৰৰ অন্তৰ্গত শিংৰা নোৱাপাৰাৰ খেলুৱৈ মঞ্জুৰাণী ঠাকুৰীয়াই । ইয়াকে লৈ উৎসাহিত জ্যেষ্ঠ খেলুৱৈগৰাকী। ৬০ বছৰ বয়সতো খেলৰ বাবে সম্পূৰ্ণ সুস্থ মঞ্জুৰাণী ঠাকুৰীয়া । সেই ক্ৰীড়া উদ্যম এতিয়াও জাতিস্কাৰ মঞ্জুৰাণীৰ দুচকুত।
লগতে পঢ়কঃৰাষ্ট্ৰীয় কায়াকিং আৰু কেনয়িং চেম্পিয়নশ্বিপঃ দুই অসম কন্যাই অৰ্জন কৰিলে ৰূপৰ পদক
পিছে, মাষ্টাৰ্ছ বিশ্বকাপৰ বাবে বাচনি হ’লেও এথলীট গৰাকী আৰ্থিকভাৱে স্বচ্ছল নহয়। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মঞ্জুৰাণীক প্ৰয়োজন হ’ব বহু পৰিমাণৰ অৰ্থৰ। ফিনলেণ্ডত গৈ যাতে প্ৰতিযোগিতাত অংশ ল’ব পাৰে তাৰ বাবে মঞ্জুৰাণীয়ে বিচাৰিলে সহায়-সহযোগিতা।
মঞ্জুৰাণীৰ এই খবৰে আনন্দিত কৰিছে বকোৰ লগতে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ ক্ৰীড়া অনুৰাগী ৰাইজক। স্থানীয় মাষ্টাৰ্ছ এথলীট গৰাকীৰ সপোনে যাতে সফল হ’বলৈ খেলুৱৈ গৰকাকী সহায় কৰিবলৈ আহ্বান জনালে স্থানীয় ৰাইজে।
১০০ মিটাৰ দৌৰ, ট্ৰিপ’ল জাম্প, হাৰ্ডলছ সকলোতে পাৰ্গত মঞ্জুৰাণী । তেওঁক লৈ আশাবাদী স্থানীয় ক্ৰীড়া সচেতন ৰাইজ ।
আনহাতে, এই বিশ্বকাপ মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত সুবিধা লাভ কৰিছে বকোৰে আন এগৰাকী এথলীট ৰশ্মি ৰাভাই। মঞ্জুৰাণী ঠাকুৰীয়া আৰু ৰশ্মি ৰাভাৰ দুয়ো মাষ্টাৰ্ছে বিশ্বকাপ মাষ্টাৰ্ছ এথলেটিকছ ফিনলেণ্ডত উৰাওক অসম তথা দেশৰ বিজয়ধ্বজা । পদক অৰ্জনৰে সাত সাগৰ তেৰ নদীৰ সিপাৰে ক্ৰীড়াঙ্গনত জিলিকি পৰক অসমৰ মাষ্টাৰ্ছ এথলীট ।