দৰংৰ পৰা দিগন্ত শৰ্মা
দৰং জিলাৰ ৰামহৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত দাঁহা গাঁৱৰ হেমলতা ডেকাৰ পৰিয়ালটোয়ে কেইবছৰমান আগলৈকে জীৱন-জীৱিকা বাবে নিৰ্ভৰ কৰিছিল পৰিয়ালৰ এগৰাকী সদস্যৰ উপাৰ্জনৰ ওপৰত৷ হেমলতাৰ স্বামী কুশল ডেকাৰ তিনি বিঘা মাটিৰ ধান খেতিয়েই আছিল প্ৰধান উপাৰ্জন৷ এই উপাৰ্জনেৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা, অভাৱ-অনাতনে জুৰুলা কৰা পৰিয়ালটি পৰিচালনা কৰাটো আছিল অতিকে কষ্টকৰ ৷
কিন্তু অভাৱগ্ৰস্ত পৰিয়ালটোৰ মহিলা সদস্যা হেমলতা ডেকাই দৰিদ্ৰতা, দৈনন্দিন অভাৱগ্ৰস্ততাৰ পৰা মুক্ত হবলৈ বিগত চাৰিটা বছৰত ক্ৰমাগতভাৱে এনে কেতবোৰ বহুমুখী কৰ্ম কৰিলে যাৰবাবে তেওঁ বছৰি প্ৰায় দুই লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ল৷ লগতে তেওঁ বাস কৰা বৃহত্তৰ গ্ৰাম্য অঞ্চলৰ দুই সহস্ৰাধিক মহিলাক অৰ্থ উপাৰ্জনৰ পথেৰে আগবাঢ়ি যাবলৈ সহায় কৰি আহিছে৷
হেমলতা ডেকাই চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা বিজ্ঞানসন্মত কৃষিকাৰ্য, হাঁহ- কুকুৰা পালন, মীন পালন আৰু বিশেষভাৱে পশুপালন কাৰ্যৰ বৈপ্লৱিক উত্তৰণ ঘটি সম্প্ৰতি তেওঁ দৰিদ্ৰতা উন্নয়ন আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি গঢ়াৰ আদৰ্শত পৰিণত হৈছে৷ আনহাতে, শিক্ষাগত অৰ্হতা হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হেমলতাই ‘বেংক সখী’ ৰূপে দৰং জিলাৰ দুশটাতকৈ অধিক আত্মসহায়ক গোটৰ দুই সহস্ৰাধিক শিক্ষিত-অশিক্ষিত মহিলাক সেৱা আগবঢ়াই আহিছে৷

উল্লেখ্য যে ২০০৮ চনত ৰামহৰি পঞ্চায়তৰ অন্তৰ্গত দাঁহা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ দহ গৰাকী মহিলাই একত্ৰিত হৈ গঠন কৰিছিল ‘সেউজী আত্ম সহায়ক গোট’৷ যিটো আত্মসহায়ক গোটৰ এগৰাকী সদস্য আছিল হেমলতা ডেকা৷ পিছে দীৰ্ঘদিন গোটটোৰ মহিলা সকলে বিশেষ সফলতা লাভ কৰিব পা নাছিল৷ কিন্তু ২০১৮ চনত ‘চেষ্টা’ ( চেভেন চিষ্টাৰ ডেভেলপমেণ্ট এচিছটেন্ট) নামৰ বেচৰকাৰী সংস্থা এটিৰ সৈতে সেউজী আত্মসহায়ক গোট সংযুক্ত হয়৷ ‘চেষ্টা’ৰ জৰিয়তে হেমলতা ডেকা সহ আন মহিলা সকলে কৃষি, পশুপালন, হাঁহ- কুকুৰা পালন, মীন পালন, গাহৰি পালনৰ প্ৰশিক্ষণ লাভ কৰে৷ ইয়াৰ পিছতে ৰাজ্যিক জীৱিকা গ্ৰাম্য অভিযানত ‘সেউজী আত্মসহায়ক গোট’টো পঞ্জীয়ন কৰে৷ ২০১৮ চনৰ অক্টোবৰ মাহত হেমলতা ডেকাই জীৱিকা পৰিকল্পনা কৰে আৰু কম পৰিসৰত ঘৰৰ চৌহদতে দহটি হাঁহ, ন টি কুকুৰা, দুটি ছাগলী পালন কৰিবলৈ লয়৷ একেদৰে বেচৰকাৰী সংস্থা ‘চেষ্টা’ৰ পৰা পাঁচ হাজাৰ টকাৰ ঋণ লৈ দুটি গাহৰি পোৱালি ক্ৰয় কৰি আনি ঘৰৰ চৌহদতে বিজ্ঞান সন্মত পদ্ধতিৰে পালন কৰে৷ সেই বছৰে ধান খেতিৰ বাবে এছ আৰ আই পদ্ধতি প্ৰয়োগৰ প্ৰশিক্ষণ লয় হেমলতাই৷

ঘৰতে কুকৰা পালনত সফলতা লাভ কৰাত ছমাহ পিছত হেমলতাৰ কুকুৰাৰ সংখ্যা এশটিলৈ বৃদ্ধি হয়৷ একেদৰে গাহৰি পালন প্ৰক্ৰিয়াৰ উন্নতি হোৱাত বেংক আৰু বেচৰকাৰী সংস্থাক ঋণ দিবলৈ হেমলতা ডেকাই আবেদন জনায়৷ ২০১৯ চনৰ মে’ মাহত হেমলতাই একলাখ বিশ হাজাৰ টকা ঋণ লৈ গাহৰিৰ পোৱালি উৎপাদন কেন্দ্ৰ এটি বিজ্ঞানসন্মত পদ্ধতিৰে ঘৰৰ চৌহদত স্থাপন কৰে৷ পাঁচজনী মাইকী, এটি মতা গাহৰি পোৱালিৰে আৰম্ভ কৰা পোৱালি উৎপাদন কেন্দ্ৰটোৰ উত্তৰণ এনেদৰে হ’ল যে এবছৰতে পোৱালি আৰু প্ৰাপ্তবয়স্ক গাহৰি বিক্ৰী কৰি হেমলতাই ঋণৰ ধন সমূদায় পৰিশোধ কৰিবলৈ সক্ষম হয়৷ তেওঁ ২০২০ বৰ্ষত গাহৰি বিক্ৰী কৰি লাভ কৰে এক লাখ ষোল্ল হাজাৰ পাঁচশ টকা৷
একেদৰে ২০২১ বৰ্ষত গাহৰি পোৱালি বিক্ৰী কৰি তেওঁ লাভ কৰে একলাখ সাতচল্লিশ হাজাৰ টকা৷ বৰ্তমান তেওঁৰ কেন্দ্ৰত আছে ১৮ টি গাহৰি৷ লগতে আছে কেইবাটাও পোৱালি৷ বিগত দুই বছৰতে তেওঁ শতাধিক গাহৰি পোৱালি বিক্ৰী কৰিবলৈ সক্ষম হৈছে৷ ইফালে, হেমলতা ডেকাই কনী উৎপাদনৰ বাবে পালন কৰি আহিছে ৩০ জনী হাঁহ, এশজনী কুকুৰা৷ তেওঁৰ ঘৰত দুটি ছাগলীৰ পৰা এতিয়া হৈছেগৈ সাত টি ছাগলী৷ আনহাতে, হেমলতাই ২.৫ কঠা মাটি কালিৰ পুখুৰীত উন্নত পদ্ধতিৰে মাছ পালন কৰি বছৰি কেইবা হাজাৰ টকা উপাৰ্জন কৰি আহিছে৷ বৰ্তমান ‘সেউজী আত্মসহায়ক গোট’ৰ সম্পািদকা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা হেমলতা ডেকাই ‘এছ আৰ আই’ পদ্ধতিৰে কৰা ধান খেতিৰ পৰাও অধিক উৎপাদন লাভ কৰিবলৈ সক্ষম হয়৷ ধান, মাছ, কণী, হাঁহ – কুকুৰাৰ পোৱালি, ছাগলী, গাহৰি উৎপাদনেৰে স্বাৱলম্বিতাৰ ভেটি গঢ়া আৰু পৰিয়ালক দৰিদ্ৰতাৰ পৰা, অভাৱগ্ৰস্ততাৰ পৰা অৰ্থনৈতিক উত্তৰণৰ পথ প্ৰশস্ত কৰা হেমলতা ডেকাই দৰং জিলাৰ বিভিন্ন গ্ৰামাঞ্চলৰ দুই সহস্ৰাধিক মহিলাক বিভিন্ন কৰ্মৰে অৰ্থ উপাৰ্জনৰ পথত সহায় আগবঢ়াই আহিছে৷

উল্লেখনীয় যে হেমলতা ডেকা আত্মসহায়ক গোট গঠনৰ জৰিয়তে গ্ৰাম্য মহিলাক আগবাঢ়ি যোৱাত সহায় কৰি অহাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰা ‘বেংক সখী’ স্বেচ্ছাসেৱীকা হিচাপে নিযুক্ত কৰে ২০১৮ চনত৷ বেংক সখী হিচাপে হেমলতাই ৰাজ্যিক জীৱিকা অভিযানত পঞ্জীয়নকৃত মহিলা আত্মসহায়ক গোট সমূহক বেংকৰ পৰা ঋণ গ্ৰহনৰ বাবে যাৱতীয় অনলাইন আবেদনকে ধৰি সকলো কাম কৰি দিয়া আৰু সময়মতে ঋণৰ ধন পৰিশোধ কৰাই দিয়া৷ তাৎপৰ্যপূৰ্ণ যে হেমলতা ডেকাই ২০১৮ চনৰ পৰা এই পৰ্যন্ত দৰং জিলাৰ ৰামহৰি গাঁও পঞ্চায়ত, নগৰবাহী গাঁও পঞ্চায়ত, চমুৱাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দুশটাতকৈয়ো অধিক মহিলা আত্মসহায়ক গোটক বিভিন্ন উৎপাদনমুখী কামৰ বাবে ঋণ লাভ আৰু ধন পৰিশোধৰ ক্ষেত্ৰত সহায় কৰি আহিছে৷ একোটা আত্মসহায়ক গোটত দহ গৰাকীকৈ মহিল থাকে আৰু দুশ গোটৰ সৈতে জৰিত স্বাক্ষৰ-নিৰক্ষৰ দুই সহস্ৰাধিক গ্ৰাম্য মহিলাই ঋণ লৈ হাঁহ – কুকুৰা পালন, পশুপালন, কৃষি, বোৱা-কটা, মীন পালন আদি পৰিকল্পিত জীৱিকাৰে অৰ্থ উপাৰ্জন কৰি আহিছে৷ বেংক সখী অবিহনে হয়তো বহু মহিলাই ঋণ লৈ কোনোদিনেই জীৱিকা হিচাপে উৎপাদনমুখী কামত হাত দিব নোৱাৰিলেহেতেন৷ কিন্তু হেমলতা ডেকাই প্ৰশস্ত কৰা বাটেৰে আগুৱাই যোৱা বাবে বহু মহিলাই সম্প্ৰতি গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিছে৷
শেহতীয়াকৈ দৰং জিলাত অনুস্থিত হোৱা এক মহিলা সমাৰোহত এগৰাকী ‘শ্ৰেষ্ঠ মহিলা কৃষক’ হিচাপে স্বীকৃতি লাভ কৰা হেমলতা ডেকাই কয়, ‘প্ৰথমে কামত আগবাঢ়িবলৈ ভয় শংকা আছিল৷ কিন্তু ‘চেষ্টা’ সংস্থাটোৱে লৈ গৈ আন জিলাৰ মহিলা সকলে কৰি থকা কামবোৰ যেতিয়া দেখুৱালে আৰু প্ৰশিক্ষণ দিলে তেতিয়া জীৱিকা নিৰ্দ্ধাৰণ কৰি আগবাঢ়িলো৷ অভাৱী পৰিয়ালটোক আজি এই বহুমুখী কামৰ মাজেৰে উন্নতিৰ দিশে অলপ হলেও আগুৱাই নিব পাৰিছো৷ বেংক সখী হিচাপে বেংকলৈ গ’লে গাহৰি পাম বা অন্য খেতি স্বামী কুশল ডেকাই চোৱা চিতা কৰে৷ নিজৰ ঘৰৰ লগতে এই অঞ্চলৰ মহিলা সকলক জীৱিকাৰ ক্ষেত্ৰত সহায় কৰাৰ মাজেৰে সামাজিক কাম অব্যাহত ৰাখিছো৷’
হেমলতা ডেকাই আজি কেৱল নিজৰ দৰিদ্ৰ পৰিয়ালটিৰেই উত্তৰণ বাট মোকলোৱা নাই, আন দ্বি-সহস্ৰাধিক মহিলাৰ অভাৱগ্ৰস্ত পৰিয়ালকো উন্নয়নৰ পথেৰে আগুৱাই যোৱাত সহায় আগবঢ়াই আৰ্থ-সামাজিক ৰূপান্তৰৰ ভেটি নিৰ্মাণ কৰিছে৷