নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাৱাসত সংঘটিত জঘন্য ৰেগিঙ কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা চিকিৎসালয়ৰ পৰা সুস্থহৈ নিজগৃহলৈ শনিবাৰে উভতে। সুদীৰ্ঘ ৮৩ দিনৰ পিছত আমগুৰিস্থিত ঘৰলৈ উভতে আনন্দ ৰ্শমা।

২৬ নৱেম্বৰৰ নিশা ছাত্ৰাৱাসতো প্ৰাক্তন আৰু জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙত বলি হোৱা আনন্দই নিজৰ প্ৰাণৰক্ষা কৰিবলৈ ৩ মহলাৰ পৰা জাঁপ দিয়ে। যাৰ বাবে ছাত্ৰগৰাকী গুৰুত্বৰ ভাৱে আহত হয়। তাৰ পিছৰে পৰা ছাত্ৰ গৰাকীক ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিঙ হ’মত চিকিৎসাধীন হৈ আছিল। শেহতীয়াকৈ ছাত্ৰজনক মৰোৱাৰী আৰোগ্য ভৱনত চিকিৎসাধীন হৈ ফিজিঅ’থেৰাপি গ্ৰহণ কৰি আছিল।

চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ আগমূহূত্বত আনন্দ শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, শিক্ষা মন্ত্ৰী ৰণোজ পেগু, ডিব্ৰুগড় জিলাৰ আৰক্ষী প্ৰশাসন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষ আৰু সংবাদ মাধ্যমৰ সহযোগিতাৰ লগতে সকলো শুভাকাংশীক ধন্যবাদ জ্ঞাপন কৰে।

লগতে, আনন্দ শৰ্মাই পুনৰ এবাৰ কৈ গ’ল, মোৰ লগত যি হৈ গ’ল অসমত আৰু কাৰোৰে লগত নহওক, বহু সপোনলৈ বিশ্ববিদ্যালয়ত পঢ়িবৰ বাবে আহিছিলো।

ইপিনে আনন্দ শৰ্মাৰ পৰিয়াৰলৰ মতে, আনন্দ শৰ্মা এতিয়াও ঘটনাটোক লৈ মানসিক ভাৱে কষ্টত আছে। যাৰ বাবে পঢ়া শুনাও আগৰে দৰে কৰিবৰ পৰাকৈ সুস্থ হোৱা নাই বুলি জনাই।

উল্লেখযোগ্য যে, তিনি মহলাৰ ওপৰৰ পৰা জাঁপ দিয়াত আনন্দ শৰ্মাৰ ৰাজহাড় আৰু হাত ভাঙি গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল। যাৰ পৰিপ্ৰেক্ষিততেই দুটাকৈ জটিল অস্ত্ৰোপ্ৰচাৰো সম্পন্ন হয়। হাতৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে এতিয়াও ভালদৰে আনন্দে লিখিব হোৱা নাই। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মানি চলি থাকিলে অতি সোনকালে সুস্থহৈ উঠিব বুলি জনাই চিকিৎসকে জানিব দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply