নগাঁওঃ উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে জামিন লাভ কৰিলে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত কুমাৰ ভাগৱতীয়ে। অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ দুই অধ্যাপিকাই তৰিছিল যৌন উৎপীড়নৰ।কিন্তু উচ্চ ন্যায়ালয়ে দুই অধ্যাপিকাই অনা অভিযোগৰ তথ্য প্ৰমাণ লাভ নকৰাত জামিন প্ৰদান কৰে ড৹ সুৰজিত কুমাৰ ভাগৱতীক।

তাৰ পিছতেই ড৹ সুৰজিত কুমাৰ ভাগৱতীক মহাবিদ্যালয়খনত পুনৰ অধ্যক্ষ ৰূপে দায়িত্ব দিবলৈ দাবী জনাইছে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে। ইতিমধ্যে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু অসম শিক্ষা সঞ্চালকায়লৈ পত্ৰ প্ৰেৰণ কৰিছে ছাত্ৰ সমাজে। আনহাতে মহাবিদ্যালয়খনৰে একাংশ কৰ্মচাৰীয়ে ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মন্তব্য কৰে ড৹ সুৰজিত কুমাৰ ভাগৱতীয়ে। কলেজত নিয়মিতভাৱে উপস্থিত নথকা একাংশ শিক্ষক-শিক্ষয়ত্রীৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলিও মন্তব্য কৰে ড৹ সুৰজিত কুমাৰ ভাগৱতীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply