পল্লব মিলি, লখিমপুৰঃ লখিমপুৰৰ এজন যুৱকে বলিউডৰ ছবিত কৰিছে অভিনয়। বলিউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাই অভিনয় কৰা হিন্দী ছবি ‘অনেক’ত অভিনয় কৰিছে ঢকুৱাখনাৰ লক্ষ্যজ্যোতি বৰুৱাই।

আয়ুষ্মান খুৰানা অভিনীত আৰু অনুভৱ সিনহাৰ পৰিচালিত ‘অনেক’ ছবিখনত প্ৰথম বাৰৰ বাবে অভিনয়ৰ সুযোগ লাভ কৰিলে ঢকুৱাখনা বৰপাত্ৰ গাঁৱৰ যুৱক লক্ষ্যজ্যোতিয়ে। ছবিখনৰ এটি চৰিত্ৰত অভিনয় কৰা লক্ষ্যজ্যোতি বৰ্তমান গুৱাহাটীস্থিত ‘লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়’ৰ কণ্ঠ সংগীতৰ ছাত্ৰ।

ঢকুৱাখনাৰ পৰা ওলাই গৈ বলিউডৰ ছবিত অভিনয় কৰাত লক্ষ্যজ্যোতিৰ লগতে ঢকুৱাখনাবাসীও এতিয়া গৌৰাম্বিত। উল্লেখ কৰাৰ প্ৰয়োজন যে, যোৱা ২৭ মে’, ২০২২ত ছবিগৃহত মুক্তি লাভ কৰে ‘অনেক’ ছবিখন। আৰু আইএমডিবিত ছবিখনৰ ৰেটিং ৭.৭।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply