নলবাৰী : সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা, নলবাৰী প্ৰকল্প কমিটিয়ে আই চি ডি এছ শিতানত ৰাজ্য চৰকাৰৰ বিশেষ বাজেট নিৰ্দ্ধাৰণ আৰু অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে মাননী বৃদ্ধি তথা অৱসৰকালীন সাহাৰ্য্যৰ দাবীত শিশু বিকাশ প্ৰকল্প বিষয়া কাৰ্যালয়, নলবাৰীত প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।
অঙ্গনৱাড়ী কেন্দ্ৰৰ ঘৰবোৰ বৈজ্ঞানিকভাৱে আন্তঃগাঠনিসহ নিৰ্মাণ কৰি দিয়াৰ যথোচিত ব্যৱস্থা গ্ৰহন কৰা, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মাননি বৰ্তমানৰ ২০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি কৰা, সু-নিৰ্দিষ্ট পেঞ্চন আঁচনি প্ৰবৰ্তন কৰা আদি দাবী হাতত লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে।
লগতে পঢ়ক : কন্যকাৰ আদৰ্শৰে দুজন যুৱকে দেখুৱাইছে স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন
যদি নবগঠিত চৰকাৰখনে এই দাবিসমুহ মানি ৰূপায়ন নকৰে তেন্তে আগন্তক দিনত অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে পুনৰ আন্দোলনৰ কৰিবলৈ বাধ্য হ’ব বুলি প্ৰতিবাদকাৰী সকলে মন্তব্য প্ৰকাশ কৰে।