তেজপুৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙা ধুবিঘাট অংগনবাড়ী কেন্দ্ৰৰ এগৰাকী সহায়িকালৈ আমেৰিকাৰ চেনফৰ্ড ইউনিভাৰচিটিৰ এটি প্ৰবক্তাৰ দলে দেশৰ শ্ৰেষ্ঠ সমাজ সেৱকৰ স্বীকৃতি প্ৰদান কৰে। বৃহস্পতিবাৰে আমেৰিকাৰ চেনফৰ্ড ইউনিভাৰচিটিৰ প্ৰবক্তা মাৰ্গ বেলঙৰ দলটো তেজপুৰস্থিত ERC চিকিৎসালয়ৰ এটি চিকিৎসকৰ দলৰ সৈতে ইলা দেৱী নামৰ সহায়িকাগৰাকীক হাটিঙাৰ নিজ বাসভৱনত উপস্থিত হৈ দেশৰ শ্ৰেষ্ঠ সমাজসেৱীৰ সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷

উল্লেখ্য যে, ইলা দেৱীয়ে চাকৰি কৰাৰ উপৰিও আজৰি সময়ত তেজপুৰ ERC চিকিৎসালয়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া দৰিদ্ৰ ৰাইজক বিনামূলীয়া চকু চিকিৎসা সেৱা আগবঢ়ায় আহিছে৷ ERC য়ে আগবঢ়োৱা চকু চিকিৎসা সেৱাত নিজকে নিয়োগ কৰি দুখীয়া দৰিদ্ৰ ৰাইজক কৰি অহা সেৱাৰ বাৱে আজি তেওঁক এই বিৰল সন্মান প্ৰদান কৰা বুলি মন্তৱ্য কৰে অঞ্চলটোৰ সচেতন মহলে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply