গুৱাহাটী : অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাৰ উত্তাল প্ৰতিবাদ। চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদানৰ দাবীত অংগনবাড়ী কর্মী আৰু সহায়িকা সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদকাৰী অংগনবাড়ী কর্মী আৰু সহায়িকা সকলে প্ৰতিবাদস্থলীত আকাশ বতাহ উত্তাল কৰি তোলে।

অসম বিধানসভাৰ বাজেট অধিবেশ চলি থকাৰ মাজতে অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ। মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাই অংগনবাড়ী কর্মী আৰু সহায়িকা সকলক চৰকাৰী চাকৰিৰ স্বীকৃত প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক অংগনবাড়ী কর্মী আৰু সহায়িকাই চচলৰ ধৰ্ণাস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে আমাৰ দাবী মানিব লাগিব, আমাৰ দাবী পূৰণ কৰক, অতি শীঘ্ৰে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক, আমাক চৰকাৰী চাৰিয়ালৰ মৰ্যাদা প্ৰদান কৰক আদি শ্ল’গানেৰে ৰাজ্য চৰকাৰ তীব্ৰ সমালোচনা কৰে। প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে যে চৰকাৰে বিভিন্ন সময়ত তেওঁলোকৰ দাবী পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে যদিও বাস্তৱ ক্ষেত্ৰত চৰকাৰে তেওঁলোকক প্ৰতাৰণা কৰি আহিছে।

অংগনবাড়ী কর্মী আৰু সহায়িকা সকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, অংগবাড়ী কর্মী আৰু সহায়িকা সকলক চৰকাৰী চাকৰিৰ স্বীকৃত প্ৰদান কৰা, মজুৰি ২১০০০ হাজাৰ টকা ধাৰ্য্য কৰা আদি কেইবাটাও দাবী লৈ অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীৰ পৰাই তেওঁলোকৰ দাবী সমূহ পূৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply