ভোটাধিকাৰ সাব্যস্ত কৰিলে জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ পাপন মহন্তই
ভোটাধিকাৰ সাব্যস্ত কৰিলে জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ পাপন মহন্তই

গুৱাহাটীঃ পূব গুৱাহাটী সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিলে জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ পাপন মহন্তই।

পৰিয়ালৰ সৈতে AIDC ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিলে পাপনে।

‘অসমত যুৱ ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাটো ইতিবাচক দিশ। ডেকা চাম সজাগ হ’লে সুস্থ চৰকাৰ পাব। মই প্ৰতিবাৰেই ভোট দিবলৈ আহো। অসমখন উন্নত হওক আৰু  সকলো ভোট দিবলৈ ওলাই আহক।’ পাপনৰ মন্তব্য

পৰিস্থিতি সকলো ঠিক থাকিলে আগন্তুক ৰঙালী বিহুৰ মঞ্চত কণ্ঠশিল্পীগৰাকীক ৰাইজে দেখিবলৈ পাব বুলিও জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে।

আনহাতে দিছপুৰ সমষ্টিৰ দক্ষিণগাঁও হাইস্কুলত ভোটাধিকাৰ সাব্যস্ত কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply