মৰিগাওঁ- সমগ্ৰ দিনযোৰা ব্যস্ততাৰ শেষত বুধবাৰে নিশা ১২ বজাত হাতত বেট লৈ হাজাৰ হাজাৰ দৰ্শকৰ আনন্দ উল্লাসৰ মাজত ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিলে বিধায়িকা আঙুৰলতা ডেকাই।

বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই উদ্বোধন কৰা ক্ৰিকেট খেলত অংশ লৈ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই মাৰিলে বাউণ্ডেৰী।

কদমনি আঞ্চলিক যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা নৈশ ক্ৰিকেট খেলখন শিৱামণি বৰাই উদ্বোধন কৰা বুলি গম পায়েই মাজনিশা খেলপথাৰলৈ আহিল বটদ্ৰবাৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা।

নিশা ১২ বজাত কেইবা হাজাৰ দৰ্শকৰ উপস্থিতিত অভিনেতা নয়ন নিৰ্বানৰ বলত ‘বাউণ্ডেৰী’ কোবায় বিধায়িকাগৰাকীয়ে।

কদমনি আঞ্চলিক যুৱক সংঘৰ সৌজন্যত KPL T10 নৈশ টেনিচ ক্ৰিকেট বল প্ৰতিযোগিতা ২০২১ৰ প্ৰথম বাৰ্ষিকৰ চূড়ান্ত খেলখন সদায় স্মৃতিত সজীৱ হৈ থাকিব বুলি জনালে বিধায়িকা আঙুৰলতাই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply