গুৱাহাটী : দিছপুৰৰ বিধায়ক আৱাস এৰিলে আঙুৰলতা ডেকাই। পাঁচ বছৰে দিছপুৰৰ বিধায়ক আৱাসত থকাৰ পিছত নিৰ্বাচনত পৰাস্ত হৈ আৱাস এৰিলে আঙুৰলতা ডেকাই। বটদ্ৰৱা সমষ্টিৰ পৰা শোচনীয়ভাৱে পৰাস্ত হৈছে বিজেপিৰ আঙুৰলতা ডেকা।
দেওবাৰ অসম বিধানসভা নিৰ্বাচৰ ফলাফল ঘোষণা কৰা হয়। সম্পূৰ্ণ কভিড প্ৰ’টকলৰ মাজত এইবাৰ অনুষ্ঠিত কৰা হয় বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ফলাফল বিজেপিৰ পক্ষত থকাত দিছপুৰত পুনৰ বিজেপি থকাটো নিশ্চিত হৈছে।
বিজেপি আগন্তক পাঁচ বছৰ পুনৰ দিছপুৰত থাকিব যদিও বিজেপিৰ এগৰাকী বিধায়িকাই এৰিছে দিছপুৰ। বটদ্ৰৱা সমষ্টিৰ বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাই এৰিছে দিছপুৰ। দিছপুৰৰ বিধায়ক আৱাস গৃহত থকা ৪৮ নং আৱাস খালি কৰিছে আঙুৰলতা ডেকাই।
২০১৬ চনত বিজেপিৰ পৰা বটদ্ৰৱা সমষ্টিৰ টিকট লাভ কৰি জয়লাভ সাব্যস্ত কৰি আঙুৰলতা ডেকাই প্ৰৱেশ কৰিছিল দিছপুৰৰ বিধায়ক আৱাস গৃহত থকা ৪৮ নং আৱাসত। কিন্তু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছে আঙুৰলতা ডেকাই।