কলিয়াবৰ: ইন্ধন জাত সামগ্ৰীৰ লগতে ৰাজ্যত ৰন্ধন গেছৰ মূল্যবৃদ্ধি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি নেত্ৰী আঙুৰলতা ডেকাই। কলিয়াবৰৰ মিছা মিলন সংঘ প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত বিজেপি মহিলা কোষৰ জিলা পৰ্যায়ৰ এখন কাৰ্যনিৰ্বাহ সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেত্ৰীগৰাকীয়ে কয়- ”মূল্যবৃদ্ধি সম্পৰ্কে মোৰ বহুত বেছি ক’বলগীয়া এই কাৰণে নাই, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ত ইতিমধ্যে বহুত আগতেও স্পষ্টীকৰণ দি আহিছে আৰু আমাৰ ৰাজ্যৰ সভাপতি মহোদয়েও দি আহিছে। মই মহিলা হিচাপে নিশ্চয় ময়ো অকণমান দুখ কৰিম যে মোৰ ঘৰতো ৰন্ধন গেছ থাকিব। কিন্তু এনেকুৱা নহয় যে, কেৱল মাত্ৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধি হোৱাৰ কাৰণেই চৰকাৰখন বেয়া। সেইটো নহয়। দৃষ্টিভংগীটো তেনেকুৱা হ’ব নালাগে। আৰু আমি মূল্য কমাটোৱেই বিচাৰিছো। ”
লগতে তেওঁ কয়- ”তাৰ সমান্তৰালভাৱে এইটোও চাব লাগিব যে আমি মহিলা সকলৰ ৰন্ধন গেছৰ মূল্য বাঢ়ি হয় ঠিকেই, কিন্তু মহিলাসকলক আমি অন্য ধৰণে সহায় কৰিব পাৰিছো নেকি? লকডাউনৰ সময়ত আমি মহিলাসকলৰ বাবে তিনি বাৰকৈ ৫০০ টকাকৈ ডাইৰেক্ট একাউন্টত সোমাইছে, সেইটো এটা বহুত ডাঙৰ কথা.।এয়া তেওঁলোকৰ বাবে এটা সকাহ আহিছিল। আজি অৰুণোদয়ৰ মাধ্যমেৰে বাজেটত উল্লেখ কৰিছে যে ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ক’ৰবাত নহয় ক’ৰবাত সেইটো ফিলআপ হৈ গৈছে। ক’ৰবাত যদি বাঢ়িছে, তেন্তে এইখিনি সা-সুবিধাও চৰকাৰৰ পৰা পাইছে। গতিকে মই ভাবিছো এইটো দুই-তিনি দিন থাকিব, তাৰপাছত পুনৰ কমি যাব। ইছ্যুবোৰ আহি ইছ্যুবোৰ নোহোৱা হৈ যায়।”
উল্লেখযোগ্য যে, শেহতীয়াকৈ বিদ্যুৎ মাচুল, ইন্ধন জাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি পোৱাত সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হৈছে। কিন্তু তাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিৰ প্ৰসংগহে উল্লেখ কৰিলে আঙুৰলতা ডেকাই।