যোৰহাট : অনিমেষ ভূঞা হত্যাকাণ্ডৰ সাক্ষী অভাৱ। সাক্ষীৰ অভাৱত বাচি যাব নেকি ছাত্ৰ নেতা অনিমেষ ভূঞাৰ নৃশংস হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত সকল ? অনিমেষ ভূঞা হত্যাকাণ্ডৰ সাক্ষী বিচাৰি হাবাথুৰি খাইছে যোৰহাট আৰক্ষীয়ে। কোনো এজনে প্ৰত্যক্ষ কৰা নাছিল ২৯ নৱেম্বৰৰ সেই গণ প্ৰহাৰৰ ঘটনা।

যোৱা ২৯ নৱেম্বৰত যোৰহাট চহৰৰ মজমজিয়াত সংঘটিত হৈছে এক বৰ্বৰ গণ প্ৰহাৰৰ ঘটনা। তিনিজনকৈ নিৰীহ যুৱকৰ ওপৰত জঁপিয়াই পৰিছিল একাংশ মানৱৰূপী দানব। এই গণ প্ৰহাৰৰ ঘটনাত প্ৰাণ হেৰুৱাইছিল গোলাঘাটৰ অনিমেষ ভূঞা নামৰ এজন যুৱকে। এই ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

গণ প্ৰহাৰৰ ঘটনাত অনিমেষ ভূঞাৰ মৃত্যুৰ পিছতে ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছিল ৰাইজ। যোৰহাটবাসী ৰাইজেও অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত লোক সকলৰ কঠোৰ শাস্তিৰ দাবী জনাইছিল। ৰাইজৰ প্ৰতিবাদ আৰু দাবীৰ লগতে আৰক্ষীয়েও তৎপৰতাৰে তদন্ত চলাই এই ঘটনাৰ লগত জড়িত সকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনিমেষ ভূঞাৰ গণ প্ৰহাৰ আৰু হত্যাৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰতাৰে কৰি এমাহৰ ভিতৰতে আৰক্ষীক।চার্জশ্বিট দাখিল কৰাৰ নিৰ্দেশ দিছিল। যোৰহাট আৰক্ষীৰ তদন্তত বৰ্তমানলৈকে এই নৃশংস গণ প্ৰহাৰ আৰু হত্যাৰ লগত জড়িত ১৪ জন লোক গ্ৰেপ্তাৰ হৈছে। আৰক্ষীয়ে ১৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে কিন্তু এতিয়া চার্জশ্বিট তৈয়াৰ কৰাত সমস্যাত পৰিছে আৰক্ষী।

যোৰহাট আৰক্ষীয়ে অনিমেষ ভূঞা হত্যাকাণ্ডৰ ঘটনাৰ কঠোৰ চার্জশ্বিট তৈয়াৰ কৰিবৰ বাবে পোৱা নাই সাক্ষী। এক গণ প্ৰহাৰৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰা বুলি কোনো এজন লোকে আগুৱাই অহা নাই ফলত আৰক্ষীয়ে সাক্ষী বিচাৰি হাবাথুৰি খাইছে যোৰহাট আৰক্ষীয়ে। ইয়াৰ মাজতে এটা কথা উল্লেখ কৰি লাগিব যে ২৯ নৱেম্বৰৰ সেই ভয়ংকৰ ঘটনা সংঘটিত হোৱা সময়ত ঘটনাস্থলীত উপস্থিত আছিল যোৰহাট আৰক্ষীৰ যানবাহন শাখাৰ দুজন আৰক্ষী।

লগতে পঢ়ক  :  তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাৰ আৱক্ষ মূৰ্ত্তি উন্মোচন

এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীয়ে কঠোৰ চার্জশ্বিট দাখিল কৰিবলৈ সক্ষম নোহোৱাৰ ফলত শাৰী যাব নেকি অনিমেষ ভূঞা হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত সকল? সাক্ষী অভাৱত ন্যায় লাভৰ পৰা বঞ্চিত হব নেকি অনিমেষ ভূঞাৰ পিতৃ-মাতৃ ? আৰক্ষীয়ে তৎপৰতাৰে অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰাৰ পিছতো শক্তিশালী সাক্ষীৰ অভাৱত কঠোৰ চার্জশ্বিট দাখিল কৰাত সক্ষম নহ’ব নেকি ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply