নগাঁওঃ গুৰুজনাৰ অংকীয়া ভাওনাক অপমান কৰা হ’ল নগাঁৱৰ কঢ়ালীগাঁৱত। বেহাৰবাৰী আউটপ’ষ্টৰ মোহন খ্যাত অভিনেতা দ্বীপজ্যোতি কেঁওটে মোহিনীৰ চৰিত্ৰত অভিনয় কৰোতে ৰূপায়ণ কৰা চুম্বনৰ দৃশ্যাংশক লৈ সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।
সমুদ্ৰ মন্থন নামৰ নাটখনত দ্বীপজ্যোতিয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰা সময়ছোৱাত অসুৰক চুম্বন কৰা, “ফ্লায়িং কিছ” কৰা দৃশ্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে অভিনেতা গৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰ অভিযোগ।
লগতে পঢ়কঃ২০ মাহৰ মূৰত ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে শ্ৰেণীকোঠাৰ পাঠদান
গুৰুজনাৰ ভাওনাক বিকৃত কৰাৰ বাবে সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৱশ্যে, এই বিতৰ্কৰ পিছতে সংবাদ মাধ্যমত ৰাজহুৱা ভাৱে ক্ষমা খুজিলে অভিনেতা গৰাকীয়ে। অভিনেতা গৰাকীয়ে কয়,ভৱিষ্যতে ভাওনাত অভিনয় কৰোতে অধিক সাৱধান হ’ব।
বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিৰ্তকৰ মাজতে ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি দি, ঘৰৰ ল’ৰা বুলি ভাবি মাফ কৰি দিবলৈ অনুৰোধ জনালে দীপজ্যোতি কেওঁটে।নগাঁৱত অসমীয়া ভাওনাক ব্যংগ ৰূপত উপস্থাপন কৰাক লৈ অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতেই নিজৰ ভূল স্বীকাৰ কৰি অসমৰ ৰাইজৰ ওচৰত আয়োজক কমিটিৰ ক্ষমা প্ৰাৰ্থনা ।