নিউজ ডেস্কঃ যুৱ কংগ্ৰেছ অসমৰ সভাপতি হ’ব অংকিতা দত্ত। নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিয়ে নিযুক্তি দিলে অংকিতা দত্তক । আনহাতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতিৰ দায়িত্ব দিয়া হৈছে পৰিতোষ ৰয়ক। ৰাতুল পাটোৱাৰী অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে।

অংকিতা দত্ত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা অঞ্জন দত্তৰ জ্যেষ্ঠা কন্যা।

আমগুৰি সমষ্টিৰ পৰা ২০১৬ আৰু ২০২১ চনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল অংকিতাই।

লগতে পঢ়কঃমানুহ আকৌ ‘কা’ বিৰোধী আন্দোলনলৈ ওলাই আহিব : লুৰীণজ্যোতি গগৈ

দলীয় মজিয়াত যথেষ্ট দিন মৌন হৈ আছিল তেওঁ।

নিৰ্বাচনৰ ফলাফলৰ পিছত পূৰ্বৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধেও সৰৱ হৈছিল অংকিতা দত্ত। অংকিতা কংগ্ৰেছৰ এগৰাকী সম্ভাৱনাময় যুৱ নেত্ৰী।

যুৱ কংগ্ৰেছক শক্তিশালী ৰূপত নেতৃত্ব দি আগবঢ়াই নিবলৈ চেষ্টা কৰিব বুলি প্ৰতিজ্ঞাবদ্ধ অংকিতা দত্ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply